নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত অৰুণোদয় ২.০ৰ ধনৰাশি প্ৰদান

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ ৰাজ্যৰ আন প্ৰান্তৰ লগতে আজি পাটাছাৰকুছি আৰু ভৱানীপুৰ সমষ্টিৰো মুঠ ১৩,০৪২গৰাকী মহিলাক ‘অৰুণোদয় ২.০’ আঁচনিৰ জৰিয়তে ১২৫০ টকাকৈ ধনৰাশি প্ৰদান কৰা হয়৷ নিস্পেষিত,অৱহেলিত, অৰ্থনৈতিক ভাৱে দুৰ্বল মহিলাসকলক সেৱাৰ অৰ্থে আয়োজিত এই অৰুণোদয় ২:০ আচনিৰ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবে ধন্যবাদ জনাই কয় যে এই আচঁনিৰ জৰিয়তে দুখীয়া মহিলাসকল বিশেষভাৱে উপকৃত হব৷ পাঠশালাত ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত আয়োজিত আজিৰ এই অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰ, বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত মৃদুল কুমাৰ দাস, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, পাঠশালা পৌৰসভাৰ পৌৰপতি জলি চৌধুৰী, পাটাছাৰকুছি পৌৰসভাৰ পৌৰপতি জয়ন্ত তহবিলদাৰৰ লগতে আন জনপ্ৰতিনিধিসকল আৰু বিশিষ্ট ব্যক্তিসকল সহ প্ৰায় পাঁচ সহস্ৰাধিক হিতাধিকাৰী উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like