নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি অসমৰ মাতৃ-কন্যাৰ

🔹 অসমৰ লোকসকলক উদ্ধাৰ কৰিবলৈ বিশেষ ৰে’লৰ ব্যৱস্থা

🔹 নিশা ১১ বজাত বিশেষ ৰে’লখন উপস্থিত হ’ব কামাখ্যা ৰে’ল ষ্টেচনত

🔹 এন এফ ৰে’লৱেই প্ৰকাশ কৰিলে  ১৫২২ যাত্ৰীৰ তথ্য 

বিশেষ বাৰ্তা, ১২ অক্টোবৰ : দিল্লীৰ পৰা কামাখ্যা অভিমুখী ১২৫০৬ নম্বৰৰ নর্থ–ইষ্ট এক্সপ্রেছখন কালি নিশা প্রায় ৯.৩০ বজাত বিহাৰৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰত দুর্ঘটনাত পতিত হয়৷ এই দুর্ঘটনাত অসমৰ ২গৰাকীৰ প্ৰাণহানি হৈছে। ভয়াৱহ দুৰ্ঘটনাত তিনিচুকীয়াৰ মাতৃ-কন্যা ঊষা ভাণ্ডাৰী-আকৃতি ভাণ্ডাৰীৰ মৃত্যু হয়। ইতিমধ্যে পৰিয়ালৰ লোকক চমজাই দিয়া হৈছে মৃতদেহ। নিশা সংঘটিত দুৰ্ঘটনাত পতিত ৰে’লখনত থকা অসমৰ লোকসকলক উদ্ধাৰ কৰিবলৈ বিশেষ ৰে’ল পঠিওৱা হৈছে। সেই বিশেষ ৰে’লখন নিশা ১১ বজাত উপস্থিত হ’ব কামাখ্যা ৰে’ল ষ্টেচনত। ৰে’লখনত থকা অসমৰ সকলোৰে বৰ্তমান সন্ধান পোৱা গৈছে। যাত্ৰীসকলৰ ঘৰলৈ যোৱা সকলো খৰচ বহন কৰিব ৰে’ল বিভাগে। ভয়াৱহ দুর্ঘটনাটোত অসমৰ ৪২গৰাকী যাত্ৰী আহত হৈছিল। ইপিনে, দুৰ্ঘটনাগ্ৰস্ত কামাখ্যা অভিমুখী ১২৫০৬ নম্বৰৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছত থকা ১৫২২জন যাত্ৰীৰ তথ্য প্ৰকাশ কৰিছে এন এফ ৰে’লৱেই। সেইসকলৰ ভিতৰত বৰচৈই ষ্টেচনৰ ১২৩জন, বৰপেটা ষ্টেচনৰ ৬৮জন, জলপাইগুৰি ষ্টেচনৰ ১৫জন, কাটিহাৰ ষ্টেচনৰ ৭৯জন, কিষাণগঞ্জ ষ্টেচনৰ ১৪৬জন, কোকৰাঝাৰ ষ্টেচনৰ ৩৬জন, কামাখ্যা ষ্টেচনৰ ৫২২জন, নিউ বঙাইগাঁও ষ্টেচনৰ ৩৫জন, নিউ কোচবিহাৰ ষ্টেচনৰ ১০৯জন, নিউ জলপাইগুৰি ষ্টেচনৰ ২৬৩জন, নিউ আলিদুৱাৰপুৰ ষ্টেচনৰ ২৪জন, ৰঙিয়া ষ্টেচনৰ ১০২জন ।

You might also like