🟢গান্ধী পৰিয়ালক সমালোচনা কৰি নিলম্বিত বিপিএফ নেতা ভৰত শৰ্মা
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ১৪ অক্টোবৰ : গান্ধী পৰিয়ালক সমালোচনা কৰি দলীয় ৰোষত পৰিল বিপিএফৰ জেষ্ঠ নেতা তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভৰত শৰ্মা৷ কিছু দিন পূৰ্বে বিপিএফৰ কাৰ্যনিৰ্বাহক সদস্য ভৰত শৰ্মাই এক সংবাদমেল যোগে গান্ধী পৰিয়ালক উদ্দেশ্যি কুট সমালোচনা কৰিছিল ৷ ইয়াৰ পাছতে বিপিএফ দলে ভৰত শৰ্মাক নিলম্বন কৰে ৷ কিন্তু কোনো কাৰণ দৰ্শোৱাৰ জাননী নিদিয়াকৈ তথা নিজৰ পক্ষ ৰখাৰ সুযোগ প্ৰদান নকৰাকৈ নিলম্বন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফৰ নিলম্বিত জেষ্ঠ নেতা তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভৰত শৰ্মাই ৷ আজি কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি ভৰত শৰ্মাই কয় যে বিপিএফ দলৰ বিৰুদ্ধে মই কোনো ধৰণৰ আপত্তিজনক মন্তব্য কৰা নাছিলোঁ ৷ মই গান্ধী পৰিয়ালৰ সম্বন্ধেহে সংবাদমেল যোগে বক্তব্য আগবঢ়াইছিলোঁ ৷ তাৰ পিছতেই মোক কোকৰাঝাৰ জিলা বিপিএফৰ সভাপতি তথা পাৰিষদ দেৰছাহাৎ বসুমতাৰীয়ে দলৰ কাৰ্য্যালয়লৈ মাতি নি দুৰ্ব্যৱহাৰ কৰে৷ ইয়াতে ক্ষান্ত নাথাকি বিপিএফৰ কেন্দ্ৰীয় কমিটিয়ে কোনো কাৰণ দৰ্শোৱাৰ জাননী নিদিয়াকৈ মোক নিলম্বন কৰে ৷ গান্ধী পৰিয়ালক সমালোচনা কৰাত বিপিএফ নেতাৰ গাত পৰিল কিয় বুলিও প্ৰশ্ন কৰে ভৰত শৰ্মাই ৷ বিপিএফ আৰু কংগ্ৰেছৰ মাজত হয়তো গোপন বুজাবুজি থাকিব পাৰে ৷ যাৰ বাবে মোক নিলম্বন কৰিছে বুলি কয় ভৰত শৰ্মাই ৷ আনহাতে বিপিএফৰ বহু নেতাৰ পৰা লাখ লাখ টকা তেওঁ পাবলগীয়া আছে বুলি উল্লেখ কৰি ভৰত শৰ্মাই কয় যে বিপিএফৰ বিভিন্ন দলীয় কাৰ্যসুচীত খৰচ কৰা লাখ লাখ টকা ঘুৰাই বিচাৰিলে ধমকিহে দিয়ে ৷ নিজৰ টকা ঘুৰাই বিচৰাৰ বাবেও বিপিএফৰ কিছু নেতাই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ভৰত শৰ্মাই অভিযোগ কৰে ৷ বিপিএফৰ এনে কিছু দাম্ভিক নেতাৰ বাবেই দলৰ বহু নেতাই বিপিএফ ত্যাগ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভৰত শৰ্মাই ৷ ইপিনে এনেবোৰ কাৰণতে জীৱনৰ চৰম নিৰাপত্তাহীনতাত ভুগি অৱশেষত কালি অৰ্থাৎ শুকুৰবাৰে বিপিএফ দলৰ পৰা তেওঁ পদত্যাগ কৰা বুলি সংবাদমেলত সদৰী কৰে ভৰত শৰ্মাই ৷
প্ৰেৰক শুকুৰ আকন্দ