নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০০ বছৰ পুৰণি এখন থান আৰু মতিবৰ ৰহমান

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ উত্তৰ-গুৱাহাটীৰ এখন পৌৰাণিক থান । শশ বছৰ ধৰি এই বিশেষ থানখন পৰিচালনা কৰি আহিছে এটি মুছলমান পৰিয়ালে । প্ৰতিবছৰে এই ভাঙুৰি থানত পালন কৰি অহা মহা শিৱৰাত্ৰীৰ সময়তে চৰ্চাৰ বিষয় হৈ পৰে ইছলাম ধৰ্মাৱলম্বীৰ দ্বাৰা পৰিচালিত থানখন ।

মতিবৰ ৰহমান নামৰ এইগৰাকী ৭০ ৰ উৰ্দ্ধৰ ব্যক্তিয়ে নিজৰ ককাদেউতাকাৰ কথা মতেই আজিও চোৱা-চিতা কৰি আহিছে এই থানখন । উত্তৰ-গুৱাহাটীৰ বৰৰংমহলৰ এই ভাঙৰি থানে সম্প্ৰীতিৰ বাৰ্তাৰে আজিও সজীৱ ৰাখিছে শংকৰ-আজানৰ অসম । শিৱৰাত্ৰীৰ উপলক্ষে এতিয়া ব্যস্ত হৈ পৰিছে ভাঙৰি থান । নাতি-নাতিনীৰ সৈতে মতিবৰ ৰহমানে এতিয়া শিৱৰাত্ৰীৰ বাবে থানখন চাফ-চিকুণ কৰাৰ লগতে আয়োজন সম্পূৰ্ণ কৰি তুলিছে ।

লোকবিশ্বাস অনুসৰি প্ৰায় পাঁচশ বছৰ পুৰণি এই ভাঙৰি থানত সেৱা আগবঢ়ালে মনোকামনা পূৰণ হয় । উল্লেখ্য যে, যি সময়ত সমাজত বিভেদকামী শক্তিসমূহে শান্তি সম্প্ৰীতিৰ ভংগ কৰাৰ লগতে সাম্প্ৰদায়িকতাৰ বীজ সিঁচিছে তেনে সময়তে মতিবৰ ৰহমান আৰু তেওঁৰ পূৰ্বপুৰুষৰ দ্বাৰা পৰিচালিত হৈ অহা এই থানখনে দেখুৱাইছে সমন্বয়ৰ নিৰ্দশন ।

You might also like