নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিভূমিত উদ্ধাৰ আমেৰিকাত নির্মিত সক্রিয় মর্টাৰ

🔹 ফিল’বাৰীৰ তৰাণীত চাঞ্চল্য

নিয়মীয়া বার্তা, ১৮ অক্টোবৰ : তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তর্গত ফিল’বাৰী তৰাণী গাঁৱৰ সংযোগী লোকনির্মাণ বিভাগৰ পথৰ দুৱাৰমৰা জানৰ ওপৰৰ পকী দলঙৰ সমীপতে কালি দুপৰীয়া ভয়াৱহ অস্ত্র সক্রিয় ৰূপত উদ্ধাৰ হোৱাৰ খবৰে বৃহত্তৰ ফিল’বাৰীৰ লগতে সমস্ত বুঢ়ীদিহিং মৌজাত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত আলফা স্বাধীনৰ সদস্যৰ স্থিতিৰ সম্ভাৱনা প্রকাশ কৰিছে একাংশ স্থানীয় লোকে ৷ খবৰ অনুসৰি তৰাণী গাঁৱৰ কৃষক–ব্যৱসায়ী অৰুণ মৰাণে প্রায় ছবছৰ আগতে দলঙৰ পশ্চিম ফালে জানটোৰ কাষৰ সাৰুৱা মাটিত কৃষি আৰু পশুপালন পাম স্থাপন কৰি নিজৰ লগতে আন বহুকেইগৰাকী যুৱক–যুৱতীক কর্মসংস্থাপনৰ বাট দেখুৱাইছিল৷ কালি দুপৰীয়া সেই মাটিৰ এটা অংশত আলু খেতিৰ প্রস্তুতিৰে ট্ৰেক্টৰেৰে হাল বাই থকাৰ সময়ত নাঙলৰ ফাল মাটিৰ তলত থকা লৌহজাতীয় সামগ্রীত লগাত সেই ঠাইত কোৰ লৈ খন্দাত এক গধুৰ লোহাৰ পাইপ উদ্ধাৰ কৰে৷ সেই মামৰে ধৰা লোহাৰ পাইপডাল উপস্থিত ৰাইজে খুলি ভিতৰ অংশ পৰীক্ষা কৰাত এক সন্দেহজনক অস্ত্র উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ পেঙেৰী আৰক্ষী থানাৰ লগতে ফিল’বাৰীস্থিত ভাৰতীয় সেনা বাহিনীৰ ছাউনিত খবৰ দিয়াত আৰক্ষী আৰু সেনা বাহিনী উক্ত স্থানত উপস্থিত হয়৷ ওপৰ অংশৰ লোহাৰ পাইপত থকা মামৰৰ পৰিমাণলৈ চাহ আৰক্ষী, সেনা আৰু ৰাইজে এই অস্ত্র কেইবছৰমান আগতেই কোনো উগ্রপন্থীয়ে মাটিত পুতি লুকুৱাই থৈ যোৱাৰ সন্দেহ প্রকাশ কৰিছে৷ ইতিমধ্যে সেনা–আৰক্ষীয়ে সমগ্র অঞ্চলটোত কটকটীয়া নিৰাপত্তা প্রদান কৰি অস্ত্র উদ্ধাৰ কৰাৰ লগতে এই অস্ত্র যে এটা মাৰাত্মক মর্টাৰ, তাক চিনাক্ত কৰে৷ এই মর্টাৰটো আমেৰিকাত নির্মিত আৰু বর্তমানেও সক্রিয় হৈ আছে বুলি প্রকাশ৷ এসময়ত উগ্রপন্থীৰ মুক্ত বিচৰণৰ অঞ্চল হিচাপে জনাজাত বৃহত্তৰ ফিল’বাৰী–বুঢ়ীদিহিং–পেঙেৰী অঞ্চলৰ প্রায় মধ্য স্থানত অৱস্থিত আৰু তৰাণী–নলনী সংৰক্ষিত বনাঞ্চলৰ নিকটৱর্তী তৰাণী গাঁৱৰ পথাৰত কোনে আৰু কেতিয়া এই মাৰাত্মক অস্ত্রবিধ এৰি গৈছিল, তাকে লৈ উত্থাপন হৈছে নানা প্রশ্ণ৷ আনহাতে, মাটিৰ গৰাকীক উগ্রপন্থী সংগঠনৰ সদস্যৰ সৈতে থকা সু–সম্পর্ক, ধন সংগ্রহত সহযোগ আদিৰ দৰে অতীতৰ কু–কীর্তিৰ বাবে সন্দেহৰ আৱর্তত ৰাখিছে বহুজনে৷ অৱশ্যে ইংৰাজী ভাষাত লিখা কেইখনমান কাগজৰ সৈতে মাটিৰ তলত উদ্ধাৰ হোৱা শক্তিশালী মর্টাৰটো সেনাৰ বোমা বিশেষজ্ঞই আহি নিষ্ক্রিয় কৰিব বুলি জানিব পৰা গৈছে যদিও সেই স্থানৰ অন্য অংশত আৰু অধিক অস্ত্র–শস্ত্র উদ্ধাৰৰ সম্ভাৱনা প্রকাশ কৰিছে একাংশ স্থানীয় লোকে৷

প্ৰেৰক কংকন জ্যোতি গোস্বামী

You might also like