নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঔষধি গুণসম্পন্ন ‘ডিজিটালিছ’ হ’ব পাৰে হার্ট এটেকৰ কাৰণ

🔹 লাইভ ছায়েঞ্চৰ প্রতিবেদনত বিশেষজ্ঞৰ সকীয়নি

বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : সুন্দৰকৈ ফুল ফুলা ঔষধি গুণসম্পন্ন গছ এবিধ মানুহৰ হার্ট এটেকৰ কাৰণ হ’ব পাৰে৷ লাইভ ছায়েঞ্চৰ প্রতিবেদনত বিশেষজ্ঞ বিজ্ঞানী ড০ ঝেন ৱাঙে এই সকীয়নি প্রদান কৰিছে৷ মানুহৰ হার্ট এটেকৰ কাৰণ হ’ব পৰা ফুল ফুলা উদ্ভিদ ফ’ক্সগ্লোব, যাক বৈজ্ঞানিকভাৱে ডিজিটালিছ হিচাপে জনা যায়৷ ইউৰোপ আৰু এছিয়াত এই ঔষধি গুণসম্পন্ন ফুল ফুলা গছবিধ পোৱা যায়৷ বিশ্বজুৰি এইবিধ ফুল উদ্যানৰ বাবে আকর্ষণীয় হৈ আছে৷ গুলপীয়া, বগা আদি ৰঙৰ এই উদ্ভিদবিধে উদ্যানৰ সৌষ্ঠৱ বঢ়ায় যদিও ই মানুহৰ হূদৰোগৰ কাৰণ হৈ উঠিছে৷ ফুলবিধত থকা ৰাসায়নিক পদার্থ, বিশেষকৈ ডাইগক্সিন এক ধৰণৰ হূদৰোগৰ কাৰক হৈ উঠিছে৷ এনে ক্ষেত্রত বিশ্ববাসীক এইবিধ উদ্ভিদৰ পৰা সজাগ হ’বলৈ সকীয়নি দিছে৷

You might also like