নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভালুকপুঙত পথ দুৰ্ঘটনাত দুজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ ভালুকপুঙত কালি সংঘটিত এক পথ দুৰ্ঘটনাত দুজনকৈ যুৱক নিহত হোৱাত শোকৰ ছাঁ পৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি কালি সন্ধ্যা বালিপৰা দিশৰ পৰা তীব্ৰবেগেৰে গৈ থকা এক মাৰুতি ছুজুকি গ্ৰেণ্ড ভিটাৰা গাড়ীৰ সৈতে ভালুকপুং দিশৰ পৰা আহি থকা এ এছ-১২ এ জি-১৩৬৫ নম্বৰৰ এখন মটৰচাইকেলৰ ভালুকপুঙৰ বাৰমাইলত মুখামুখি সংঘৰ্ষ হয় । ঘটনাটোত মটৰচাইকেলখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ হোৱাৰ লগতে আৰোহী যুৱক দুজন থিতাতে নিহত হয় । নিহত যুৱক দুজনক প্ৰথমে চাৰিদুৱাৰৰ ৩০খন বিছনাযুক্ত গ্ৰামীণ চিকিৎসালয়লৈ অনাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । নিহত যুৱক দুজন ক্ৰমে বসন্ত বসুমতাৰী আৰু ৰাজীৱ দৈমাৰী বুলি জানিব পৰা গৈছে । উল্লেখ্য যে তীব্ৰবেগত বাহন চলোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এচাম উংচ্ছৃখল যুৱক-যুৱতীয়ে মটৰচাইকেল, স্কুটী, গাড়ী লৈ ভালুকপুঙত গৈ অৰুণাচলী সুৰা সেৱন কৰি বালিপৰা দিশে অহাৰ সময়ত তীব্ৰবেগ আৰু অসাৱধানভাৱে বাহন চলাই অহাৰ ফলত চাৰিদুৱাৰ, ফৰেষ্টগেট ৰে’ল গেট, গ্ৰীফ কেম্পৰ সমীপত, বালিপৰা সংৰক্ষিত বনাঞ্চলৰ মাজভাগ, হাতীগেট, চটাই , বাৰমাইল, ন মাইল, জালি, ভালুকপুং আদি বিভিন্ন সময়ত ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like