ডুবাই অ’পেনত অগ্রগতি ছানিয়া মির্জাৰ
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ভাৰতৰ তাৰকা মহিলা টেনিছ খেলুৱৈ ছানিয়া মির্জাই চলিত ডুবাই অ’পেনৰ মহিলা শাখাৰ ডাবলছৰ প্রি–কোৱার্টাৰত প্রৱেশ কৰিছে৷ ফ্রান্সৰ কাৰোলিন গার্ছিয়াৰে যুটি বন্ধা ছানিয়াই প্রথম ৰাউণ্ডৰ মেচখনত ৰাছিয়াৰ আল্লা কুড্রায়াটছেভা আৰু শ্ল’ভেনিয়াৰ কাটাৰিনা শ্রেবটনিক যুটিক ৬–৪, ৪–৬, ১০–৮ ছেটত পৰাস্ত কৰে৷