বিশুদ্ধ খোৱাপানী–বিদ্যুতৰ সেৱাৰ পৰা বঞ্চিত অঞ্চলবাসী
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ গ্রামাঞ্চলতো দূৰৈৰে কথা, স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো উন্নয়নৰ মুখ দেখা নাই গুৱাহাটী নাৰেংগীৰ দীঘলখালবাসীয়ে৷ ৰাজধানী চহৰৰ পৰা কেইকিলোমিটাৰমান দূৰত অৱস্থিত দিছপুৰ সমষ্টিৰ অন্তর্গত দীঘলখালবাসীয়ে বছৰৰ পিছত বছৰ ধৰি শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, যাতায়াত, বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে৷ অঞ্চলটোত বসবাস কৰা প্রায় এশটা পৰিয়ালে বিগত ৪০ বছৰ ধৰি লুংলুঙীয়া পথেৰে যাতায়াত কৰি আহিছে৷ উন্নয়নৰ মুখ নেদেখা দীঘলখাল অঞ্চলত বসবাস কৰা লোকসকলে জুৰি–নিজৰাৰ পানী খাই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত লোকসকলে জুৰি, খাল–বিলৰ পানী সেৱন কৰি বিভিন্ন ৰোগত আক্রান্ত হৈছে৷ কেৱল সেয়াই নহয়, স্বাধীনতাৰ সাতটা দশক পাৰ হোৱাৰ পিছতো অঞ্চলটোৰ শিশুসকলে আজিও শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে৷ দিছপুৰ সমষ্টিৰ প্রাক্তন আৰু বর্তমানৰ বিধায়ক অতুল বৰাই অঞ্চলটোৰ উন্নয়নৰ বাবে কোনো গুৰুত্ব প্রদান কৰা নাই৷ উক্ত অঞ্চলত বসবাস কৰা লোকসকলে বর্তমানৰ বিধায়ক অতুল বৰাক মৌখিকভাৱে অঞ্চলবাসীয়ে সন্মুখীন হৈ অহা অসুবিধাসমূহ দূৰ কৰাৰ বাবে আবেদন জনাইছে যদিও এইক্ষেত্রত বিধায়কগৰাকীয়ে কোনো গুৰুত্ব প্রদান কৰা নাই বুলি অঞ্চলবাসীয়ে অভিযোগ কৰিছে৷ ৰাজধানী দিছপুৰৰ পৰা মাত্র ১০–১৫ কিলোমিটাৰ নিলগত বসবাস কৰা দীঘলখালবাসীক এখনো উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱাটো অতি পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে৷ স্বাস্থ্য, বিদ্যুৎ, শিক্ষা, খোৱাপানী, যাতায়াতকে ধৰি এশ–এবুৰি সমস্যাৰে জর্জৰিত হৈ থকা নাৰেংগী দীঘলীখাল অঞ্চলত বসবাস কৰা লোকসকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰ তথা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷