নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাস্পতাল–এম্বুলেঞ্চৰ পিছত আশ্রয় শিবিৰত বোমাবর্ষণ

🔹 শিশু–মহিলাসহ ৪৫জনৰ প্রাণহানি

🔹 গাজাত ইজৰাইলৰ হিংস্রতাৰ বিৰুদ্ধে সৰৱ আৰব বিশ্ব

বিশেষ বাৰ্তা, ৬ নৱেম্বৰ : যুদ্ধভূমি গাজাত হাস্পতাল, এম্বুলেঞ্চৰ পিছত পুনৰ শৰণার্থী শিবিৰত বোমাবর্ষণ কৰিছে ইজৰাইলী সেনাই৷ দুটাকৈ বোমাবর্ষণত কমপক্ষেও ৪৫গৰাকী লোকৰ মৃত্যু হোৱা বুলি হামাছ পৰিচালিত স্বাস্থ্য মন্ত্রণালয়ে দাবী কৰিছে৷ নিহত লোকসকলৰ অধিকসংখ্যকেই মহিলা আৰু শিশু বুলি উল্লেখ কৰিছে স্বাস্থ্য মন্ত্রণালয়ে৷ এই আক্রমণৰ ঘটনাৰ নিন্দা কৰিছে মধ্যপ্রাচ্যৰ দেশসমূহে৷ উত্তৰ গাজাত ৰাষ্ট্রসংঘ পৰিচালিত স্কুল বর্তমান শৰণার্থী শিবিৰত পৰিণত হৈছে৷ যুদ্ধবিধ্বস্ত গাজাৰ লোকসকলে এই স্কুলসমূহতেই আশ্রয় লৈছে৷ পৰহি নিশা এনে আশ্রয় শিবিৰত দুবাৰ আক্রমণ চলায় ইজৰালী সেনাই৷ দুটাকৈ বোমা আক্রমণত মধ্য গাজাৰ আল–মাঘজি শৰণার্থী শিবিৰত কমপক্ষেও ৪৫গৰাকী লোক নিহত হয়৷ আল–আকছা শ্বাহিদ হাস্পতালত ইতিমধ্যে ৩০টা মৃতদেহ ৰখা বুলি হামাছৰ তৰফৰ পৰা দাবী কৰা হৈছে৷ উল্লেখনীয় যে ইজৰাইলে গাজাৰ নিৰীহ লোকৰ বসতি অঞ্চল আৰু আশ্রয় শিবিৰসমূহত আক্রমণ চলোৱা ঘটনাক লৈ বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বর্তমান মধ্য প্রাচ্যত বিভিন্ন দেশৰ নেতাৰ সৈতে আলোচনাত ব্যস্ত থকা মার্কিন বিদেশ সচিব এণ্টনী ব্লিংকেনেও বন্ধুৰাষ্ট্র ইজৰাইলৰ এনে নৃশংসতাত উদ্বেগ প্রকাশ কৰিছে৷ বিভিন্ন দেশৰ চাপৰ মুখত পৰি ব্লিংকেনে গাজাত যুদ্ধবিৰতিৰ প্রস্তাৱ আগবঢ়াইছিল যদিও ইজৰাইলে তাক নাকচ কৰিছে৷ শৰণার্থী শিবিৰত শেহতীয়া আক্রমণৰ ঘটনাৰ পিছতেই আৰব বিশ্বৰ কেইবাখনো দেশে যুদ্ধৰ পৰিস্থিতি অধিক ভয়াৱহ হ’লে তাৰ বাবে আমেৰিকা জগৰীয়া হ’ব বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে ৰাষ্ট্রসংঘৰ তৰফৰ পৰাও গাজাত যুদ্ধবিৰতিৰ দাবী জনাই অহা হৈছে৷

You might also like