নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তিৰ বাবে সাজু কাৰ্গিল গাৰ্ল গুঞ্জন চক্সসেনা

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ বলিউদৰ প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ দুহিতা জাহ্নৱী কাপুৰৰ ছবি গুঞ্জন চক্সসেনা মুক্তিৰ পথত। এই ছবি খন গুঞ্জন চক্সসেনাৰ জীৱনত আধাৰিত। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ আহত সকলক উদ্ধাৰ অভিযান চলাইছিল গুঞ্জনে। গুঞ্জন আৰু সহযোগী শ্ৰী বিদ্যায়ে কাশ্মীৰৰ সেই অঞ্চলত প্ৰেৰণ কৰা হৈছিল য’ত পাকিস্তানী সেনাই ভাৰতীয় সেনাক আক্ৰমণ কৰিছিল।
কৰণ জহৰে ইনষ্টাগ্ৰামত এখন পষ্টাৰ শ্বেয়াৰ কৰিছে য’ত লিখিছে কাৰ্গিল গাৰ্ল গুঞ্জন চক্সসেনা ২৪ এপ্ৰিলত টেক অফ কৰিবলৈ সাজু। উল্লেখ্য যে প্ৰথমে এই ছবি খন ১৩ মাৰ্চ ২০২০ চনত মুক্তি দিয়াৰ কথা আছিল কিন্তু এতিয়া ২৪ এপ্ৰিলতহে মুক্তি দিয়া হ’ব। এই ছবি খনত জাহ্নৱী কাপুৰৰ উপৰিও পংকজ ত্ৰিপাঠী, অংগদ বেদীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
গুঞ্জন চেক্সসেনাই ভাৰতৰ প্ৰথম যুঁজাৰু মহিলা হোৱাৰ গৌৰৱৰ অধিকাৰী। গুঞ্জনে ১৯৯৯ কাৰ্গিল যুদ্ধৰ সময়ত নিজৰ প্ৰাণক তুচ্ছ জ্ঞান নকৰি কেইবাজনো সৈনিকৰ প্ৰাণ ৰক্ষা কৰিছিল। গুঞ্জনক সাহসিকতাৰ বাবে সূৰ্যবীৰ পুৰস্কাৰে সন্মানিত কৰা হৈছিল।

You might also like