নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ আজি সন্ধিয়া ধুবুৰী চহৰৰ মাজ মজিয়াৰ ৰজা প্ৰভাত চন্দ্র বৰুৱা খেলপথাৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ ধুবুৰী গোটৰ উদ্যোগত “এক শাম শ্বহীদোকে নাম” শীৰ্ষক এক কাৰ্য্যসূচী অনুষ্ঠিত হয়। ভাৱগম্ভীৰ এক পৰিৱেশত অনুষ্ঠিত এই কাৰ্যসূচীত দেশ মাতৃকাৰ বাবে বলিদান দিয়া বীৰ সেনা জোৱান সকলক সুৱৰি ৫ হাজাৰ গছি বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠানত ধুবুৰীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাগৰাকীগৰাকী বিশিষ্ট ব্যক্তি প্ৰমুখ্যে এবিভিপিৰ ধুবুৰী জিলা প্ৰমুখ ডঃ চন্দ্ৰশেখৰ উপাধ্যায়, বিভাগ সংগঠন মন্ত্ৰী ৰিংকু পিয়াচী আৰু ছাত্ৰ সংগঠনটোৰ ধুবুৰী গোটৰ কাৰ্যকৰ্তা সকল উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী