নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ সমৰ্থকৰ ভোট নালাগে বিজেপিক : ড০ হিমন্ত বিশ্ব শৰ্মা

🔴মধ্যপ্রদেশত মুখ্যমন্ত্রী ড০ শর্মাৰ নির্বাচনী প্রচাৰ

🔴সংসদ ভৱন–মুম্বাই আক্রমণৰ পাছতো কংগ্রেছে পাকিস্তানৰ বিৰুদ্ধে ‘হামলা’ দিয়া নাছিল

বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ মধ্যপ্রদেশত অব্যাহত ড০ হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ৷ ৰাজ্যখনত বিজেপি দলৰ হৈ হাইভল্টেজ প্রচাৰ কার্য চলাই ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই ভাৰতত থাকি যিসকলে পাকিস্তানক সমর্থন কৰে তেওঁলোকৰ ভোট বিজেপিক নালাগে বুলি স্পষ্ট কৰি দিয়ে৷ কংগ্রেছ দল শাসনত থকা সময়ত পিএফআয়ে দেশৰ সংসদ ভৱন, মুম্বাইত আক্রমণ কৰিছিল৷ কিন্তু সেই সময়ত কংগ্রেছ চৰকাৰে পাকিস্তানক প্রত্যুত্তৰ দিয়া নাছিল৷ পাকিস্তানৰ বিৰুদ্ধে ‘হামলা’ দিয়া নাছিল৷ ভাৰতত থকা পাকিস্তানীয়ে যাতে দুখ নাপায় তাৰ বাবেই সেই সময়ৰ কংগ্রেছ চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাছিল৷ কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ শাসনকালত পাকিস্তানৰ বিৰুদ্ধে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোগ্য প্রত্যুত্তৰ দি আহিছে৷ নির্বাচনী ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই মধ্যপ্রদেশত বিজেপিৰ শাসনকালত হোৱা উন্নয়ন আৰু প্রগতিৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপিৰ শাসনকালতে মধ্যপ্রদেশত ৪০খনলৈ মেডিকেল কলেজ স্থাপন হ’ব৷ ৰাজ্যখনে বছৰি ১৩ লাখ কোটি টকা উপার্জন কৰে৷ ৰাজ্যখনত জনমূৰি আয় ১.৫ লাখ টকা৷ শিৱৰাজ চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজ্যখনত অর্থনৈতিক বিপ্লৱৰ সূচনা কৰে৷ কিন্তু ইয়াৰ বিপৰীতে কংগ্রেছৰ দিগ্বিজয় সিং আৰু কমল নাথ চৰকাৰৰ দিনত কোনে কিমান লুটিব পাৰে তাৰহে প্রতিযোগিতা চলে৷ দিগ্বিজয় সিং চৰকাৰৰ দিনত ৰাজ্যখনত বাট–পথ বুলিবলৈ নাছিল৷ মিছা প্রতিশ্রুতিৰে চৰকাৰলৈ অহা কমল নাথে শাসনকালত কেৱল দুর্নীতিহে কৰিলে৷ শেহতীয়াকৈ কমল নাথে দিগ্বিজয় সিঙৰ কাপোৰ খোলাৰ কথা কৈছে৷ মুখ্যমন্ত্রী পদৰ প্রার্থী এজনৰ মুখত এনে কথা শোভা নাপায়৷ এসময়ত ভাৰতত দুর্যোধনে কাপোৰ খোলাৰ কথা কৈছিল৷ এতিয়া মধ্যপ্রদেশত কমল নাথে কৈছে৷ কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীকো সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রিয়ংকা গান্ধীয়ে ৰামে ১৩ বছৰ বনবাসত আছিল বুলি কৈছে৷ প্রকৃততে ৰামচন্দ্র ১৪ বছৰ বনবাসত আছিল৷ ঘৰত ৰামৰ চর্চা নাই বাবেই প্রিয়ংকা গান্ধীয়ে তেনেদৰে কৈছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত কৰাৰ প্রসংগ উল্লেখ কৰি কয় যে মধ্যপ্রদেশ বিধানসভাত বিজেপি বিজয়ী হ’লেই প্রধানমন্ত্রী মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রী হ’ব৷ কাৰণ মধ্যপ্রদেশত বিজেপিৰ বিজয়ৰ লগে লগে ঔৰংগজেৱ, আকবৰ আদি লোকসভা নির্বাচনলৈ আণ্ডাৰগ্রাউণ্ড হৈ যাব৷ সেয়েহে মধ্যপ্রদেশত বিজেপিৰ বিজয় দেশৰ বাবেই দৰকাৰ৷ উপস্থিত ৰাইজক ভুলতো কংগ্রেছক ভোট নিদিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছক ভোট দিয়া মানে ঔৰংগজেৱক ভিটামিন দিয়া হ’ব, বাবৰক উৎসাহিত কৰা হ’ব৷ কর্ণাটকত কংগ্রেছ ক্ষমতালৈ অহাৰ পাছতে এতিয়া ৰাজ্যখনত প্রতিদিনে হুলস্থূল হৈ থাকে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ নেতা কমল নাথক সমালোচনা কৰি আৰু কয় যে তেওঁ নিজকে হনুমান ভক্ত বুলি কয়৷ কিন্তু আজিলৈকে তেওঁ ৰাম মন্দিৰলৈ যোৱা নাই৷ অথচ ৰাম য’ত থাকে তাতেই হনুমান থাকে৷ আচলতে ভাৰতত থকা হামাছে বেয়া পাব বাবেই কমল নাথে ৰাম মন্দিৰলৈ যোৱা নাই৷ ৰাহুল গান্ধী, প্রিয়ংকা গান্ধীয়েও ৰাম মন্দিৰলৈ নোযোৱাৰ এটাই কাৰণ– বাবৰৰ মানুহে কংগ্রেছক বেয়া পাব৷

#বাৰ্তা ডেস্ক

You might also like