নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনৰীয়া পক্ষীৰ বধ্যভূমিত পৰিণত ঢকুৱাখনাৰ কঢ়া ঘাট

🔹 দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিছে জাকে জাকে বগলী

নিয়মীয়া বাৰ্তা,  ১০ নৱেম্বৰ : জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কৰ্ম।নিৰীহ পক্ষীকুলক নিৰ্দয়ভাৱে হত্যা একাংশ মানৱৰূপী দানৱৰ। যি সময়ত প্ৰকৃতিক সুৰক্ষাৰ দাবীত বিভিন্ন দল-সংগঠন, প্ৰকৃতিপ্ৰেমী ৰাইজে আন্দোলন, সজাগতা সভা অনুষ্ঠিত কৰি আহিছে, তেনে সময়তে ঢকুৱাখনাত একাংশ দুষ্কৃতিকাৰীয়ে অব্যাহত ৰাখিছে পক্ষী নিধন যজ্ঞ। ঢকুৱাখনাৰ মৰা কঢ়া নৈৰ পাৰৰ কঢ়া ঘাটৰ শিঙিয়া দলনীৰ এটা বিশাল জলাশয়ত চলিছে এই বন্যপক্ষীৰ নিধন যজ্ঞ। বছৰৰ ১২ মাহেই শামুকভঙা, বৰটোকোলা, কাম চৰাই, বগলী, শৰালি আদি চৰাইৰ আগমনেৰে মুখৰিত হৈ থাকে ঢকুৱাখনাৰ কঢ়া ঘাট অঞ্চলৰ এই জলাশয়টো। কিন্তু একাংশ দুৰ্বৃত্তই বিভিন্ন উপায়েৰে হত্যা কৰি আহিছে এই নিৰীহ পক্ষীবোৰক । বন্য বিহংগৰ প্ৰতি লালায়িত হৈ এচাম দুবৃর্ত্তই জলাশয়টোৰ পাৰত ফুৰাডনজাতীয় বিষাক্ত দ্ৰব্য দি এফালৰ পৰা বিবিধ বনৰীয়া চৰাই নিধন কৰাৰ ঘটনা পোহৰলৈ আহিছে। যাৰ বাবে এতিয়া প্ৰকৃতিপ্ৰেমীসকল ব্যথিত হৈ পৰিছে ।জানিব পৰা মতে, কঢ়াঘাট অঞ্চলৰ জলাশয়টোৰ পাৰত, পথাৰত একাংশ দুষ্কৃতিকাৰীয়ে চৰায়ে খোৱা খাদ্যত কীটনাশক ঔষধ মিহলাই থোৱাত এনে কীটনাশক ঔষধ খাই বিভিন্ন থলুৱা চৰাইৰ লগতে মৃত্যু হৈছে পৰিভ্ৰমী চৰাই পৰ্যন্ত। কীটনাশক ঔষধেৰে বধ কৰা চৰাইবোৰ নি ভক্ষণ কৰে দুষ্কৃতিকাৰীয়ে । বিগত কিছুদিনৰ পৰা জলাশয়টোত চলি আছে নিৰ্মম পক্ষী হত্যা। বৃহস্পতিবাৰেও এনেদৰে বিষাক্ত দ্ৰব্য দি দুৰ্বৃত্তই হত্যা কৰিলে বৃহৎসংখ্যক বগলী। স্থানীয় কেইবাজনো প্ৰকৃতিপ্ৰেমী যুৱকে শিঙিয়া দলনী পথাৰৰ পৰা কেইবাটাও বগলীৰ মৃতদেহৰ সৈতে ভক্ষণ কৰি পেলাই থৈ যোৱা হাড়, পাখি উদ্ধাৰ কৰে। এই ঘটনাৰ পিছত ঢকুৱাখনাৰ সচেতন সমাজৰ লগতে প্ৰকৃতি সংগঠন পু এন ফু ৱাইল্ড-এ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । এই  কাৰ্যৰ পিছতো কোনো কাণসাৰ নাই বন বিভাগৰ লোকৰ। বিহ দি পক্ষী নিধন কৰা বিষয়টো সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰকৃতি সংগঠন ‘পু এন ফু ৱাইল্ড’ৰ হৈ ধ্ৰুৱজ্যোতি চেতিয়া, মানসপ্ৰতিম দত্ত আৰু ধৰ্মেশ্বৰ নাথে ঢকুৱাখনা বন বিভাগক এক লিখিত অভিযোগ দাখিল কৰিছে। কীটনাশক দি পক্ষী নিধন কৰা দুষ্কৃতিকাৰীক শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তি বিহি প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰিবলৈ বন বিভাগ তথা ঢকুৱাখনা মহকুমা প্ৰশাসনক দাবী জনাইছে সংগঠনটোৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like