নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলী হওক প্রদূষণমুক্ত

শেহতীয়াকৈ প্রদূষণৰ বর্ধিত হাৰে জনস্বাস্থ্যলৈ প্রবল ভাবুকি আনিছে৷ সর্বত্র চর্চা হৈছে প্রদূষণৰ বিষয়ে৷ বায়ু প্রদূষণত দীপাৱলীত জ্বলোৱা ফটকাই ৬ শতাংশ অৰিহণা যোগায়৷ ফটকাই আমাৰ পৰিৱেশ আৰু স্বাস্থ্যলৈ অনা ভাবুকিৰ বিষয়ে বহু লোক সচেতন হৈছে যদিও সকলো স্তৰৰ মানুহ সম্পূর্ণ সজাগ হ’বলৈ এতিয়াও বাকী৷ দীপাৱলী পোহৰৰ উৎসৱ যদিও বিকট শব্দৰ আতচবাজী ফুটাহ পৈশাচিক আনন্দ লাভ কৰাটোহে যেন এচাম লোকৰ মূল উদ্দেশ্য৷ কিন্তু ক্ষণিকৰ আনন্দৰ বাবে জ্বলোৱা ফটকাই সৃষ্টি কৰা ৰোগবোৰক আওকাণ কৰাটো যে মাৰাত্মক কথা৷ আতচবাজী জ্বলালে ধাতুৰ লৱণ আৰু বিস্ফোৰক ৰাসায়নিক বিক্রিয়াৰ মাজেৰে ধোঁৱাৰ ৰূপত বায়ুমণ্ডললৈ বহুতো বিষাক্ত ৰাসায়নিক পদার্থ নির্গত হয়৷ ইয়াৰ ভিতৰত কার্বন–ডাই–অক্সাহড, কার্বন মনোক্সাইড আৰু নাইট্ৰজেন অক্সাইড জলবায়ু পৰিৱর্তনৰ বাবে দায়ী তিনিটা সেউজগৃহ গেছ৷ ফটকাই বায়ু প্রদূষক পদার্থৰ সৈতে মিহলি কুঁৱলীৰ সৃষ্টি কৰে, যাক ধোঁৱা বুলিও কোৱা হয়, যাৰ ফলত হাঁওফাঁওৰ কার্যক্ষমতা হ্রাস পায় আৰু শ্বাস–প্রশ্বাসৰ প্রদাহ হয়, হাঁওফাঁওৰ কর্কট ৰোগ, হূদৰোগ, তীব্র শ্বাস–প্রশ্বাসজনিত ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে৷ ফটকাৰ ফলত হোৱা বায়ু আৰু শব্দ প্রদূষণে হূদযন্ত্র, শ্বাস–প্রশ্বাস আৰু স্নায়ুতন্ত্রৰ সৈতে জড়িত ইতিমধ্যেই ৰোগাক্রান্ত লোকক গভীৰভাৱে প্রভাৱিত কৰিব পাৰে৷ পৰম্পৰাগত ক্রেকাৰৰ বিষাক্ত উপাদানসমূহেও দহনৰ সময়ত বায়ুত কণাযুক্ত পদার্থৰ মাত্রা বৃদ্ধি কৰে৷ এই মিহি কণাবোৰ ডিঙি আৰু হাঁওফাঁওত প্রৱেশ কৰে৷ প্রদূষণৰ উচ্চ মাত্রাই শিশু, গর্ভৱতী মহিলা আৰু জ্যেষ্ঠ নাগৰিকক প্রভাৱিত কৰে৷ ফটকা ফুটিলে ৰং উৎপন্ন কৰিবলৈ তেজস্ক্রিয় আৰু বিষাক্ত মৌল ব্যৱহাৰ কৰা হয়৷ যেতিয়া এই যৌগবোৰে বায়ু প্রদূষিত কৰে, তেতিয়া মানুহৰ কর্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে৷ ইতিমধ্যেই অসমত কর্কট ৰোগাক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাটো সচেতন ব্যক্তি মাত্রেই জ্ঞাত৷ আতচবাজী জ্বলোৱাৰ সময়ত নির্গত হোৱা বিষাক্ত গেছ আৰু প্রদূষক পদার্থই বায়ু, পানী আৰু মাটি দূষিত কৰাৰ লগতে চৰাই, বন্যপ্রাণী, পোহনীয়া জন্তু আৰু মানুহৰ বাবেও ক্ষতিকাৰক৷ কেৱল শাৰীৰিক নহয়, আতচবাজীয়ে এজন ব্যক্তিৰ মানসিক স্বাস্থ্যতো গুৰুতৰ প্রভাৱ পেলায় আৰু হৰমনৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে৷
আমেৰিকা যুক্তৰাষ্ট্রত কৰা এক সমীক্ষাত প্রকাশ হৈছিল যে আতচবাজীয়ে বায়ুমণ্ডললৈ প্রায় ৬০,৩৪০ টন কার্বন–ডাই–অক্সাইড্(CO2) নির্গত কৰে, যিটো প্রায় ১২,০০০ গাড়ীৰ বার্ষিক কার্বন–ডাই–অক্সাইড্ উৎপাদনৰ সমতুল্য৷ যোৱা কেইবছৰমানৰ পৰা দেখা গৈছে যে দিল্লীৰ বায়ুৰ গুণাগুণ দীপাৱলীৰ পিছদিনা ‘জটিল’ স্তৰলৈ অৱনমিত হয়৷ লগতে ফটকা জ্বলোৱাৰ ক্ষতিকাৰক প্রভাৱ উৎসৱৰ পাছত কেইবাদিনলৈকো থাকে৷ ইয়াৰ ফলত চহৰ অঞ্চলৰ বায়ুমণ্ডলত ধোঁৱা (ধোঁৱা কুঁৱলী) উল্লেখযোগ্যভাৱে বৃদ্ধি পায়৷ তাৰ তুলনাত সেউজ ফটকা পৰিৱেশ অনুকূল আৰু দীপাৱলীৰ সময়ত বায়ু প্রদূষণ হ্রাসত সহায় কৰিব পাৰে৷ এইবোৰ কাউঞ্চিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্রিয়েল ৰিছার্চৰ দ্বাৰা প্রস্তুত কৰা হৈছে৷ এই সেউজ ফটকাসমূহৰ ভিতৰত আছে ফুলৰ পাত্র, পেঞ্চিল, স্পার্কলাৰ, মেৰুণ, বোমা৷ বেছিভাগ সেডজীয়া ফটকাতে বেৰিয়াম নাইড্রেট নাথাকে, যিটো গতানুগতিক ফটকাৰ আটাহতকৈ বিপজ্জনক উপাদান৷ সেউজীয়া ক্রেকাৰত মেগনেছিয়াম আৰু বেৰিয়ামৰ সলনি পটাছিয়াম নাইড্রেট আৰু এলুমিনিয়ামৰ দৰে বিকল্প ৰাসায়নিক পদার্থৰ লগতে আর্ছেনিক আৰু অন্যান্য ক্ষতিকাৰক প্রদূষকৰ সলনি কার্বন ব্যৱহাৰ কৰা হয়৷ সাধাৰণ ফটকাই ১৬০–২০০ ডেচিবল শব্দ উৎপন্ন কৰে, আনহাতে সেউজীয়া ক্রেকাৰৰ পৰা উৎপন্ন শব্দ প্রায় ১০০–১৩০ ডেচিবলত সীমাবদ্ধ থাকে৷ বছৰ বছৰ ধৰি আতচবাজীৰ বাবে বহু দুর্ঘটনা সংঘটিত হৈছে, য’ত শিশু আৰু প্রাপ্তবয়স্কৰ মৃত্যু হৈছে৷ সেউজীয়া ফটকা ব্যৱহাৰ কৰিলেও এনে দুর্ঘটনা হ্রাস পাব পাৰে৷ গতিকে সেউজীয়া ক্রেকাৰ সম্পূর্ণ প্রদূষণমুক্ত নহয় যদিও সাধাৰণ ফটকাতকৈ তুলনামূলকভাৱে পৰিষ্কাৰ আৰু সুৰক্ষিত৷ অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদে ইতিমধ্যে অসমত কেৱল সেউজ আতচবাজী ব্যৱহাৰতহে অনুমোদন জনোৱাৰ লগতে যিবোৰ অঞ্চলত বায়ুৰ মান সূচকাংক নিম্ন, সেইবোৰ অঞ্চলত মাত্র দুর্ঘটনাৰ বাবে ফটকা ফুটোৱাৰ অনুমতি প্রদান কৰিছে৷ কোনো আইন প্রণয়ন কৰি আচলতে মানুহক সচেতন কৰিব নোৱাৰি৷ আন্তৰিক ইচ্ছাহহে আমাৰ পৰিৱেশ প্রদূষণমুক্ত কৰি ৰাখিব পাৰিব৷

You might also like