নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হীৰা–সোণেৰে ভর্তি হৈছে মন্দিৰৰ প্রণামী বাকচ

🔹 মধ্যপ্রদেশত নির্বাচনী প্রার্থীৰ মুক্তহস্তে দান

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : উৎসৱৰ বতৰত নির্বাচনী প্রচাৰত উত্তাল মধ্যপ্রদেশ৷ এই উৎসৱৰ বতৰত যেন কপাল ফুলিছে দেৱ–দেৱীসকলৰ ! মন্দিৰে মন্দিৰে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে প্রার্থীসকলৰ৷ নগদ ধনৰ উপৰি প্রণামীৰ বাকচত প্রদান কৰিছে সোণ, ৰূপ, হীৰা আদি মূল্যৱান ধাতু৷ অলংকাৰেৰে ভৰি পৰিছে মন্দিৰৰ প্রণামী বাকচ৷ কিন্তু এই প্রণামীৰ পৰিমাণ কিমান, সেয়া কোনো মন্দিৰ কর্তৃপক্ষই প্রকাশ কৰা নাই৷ নির্বাচন আয়োগৰ তদন্তৰ সন্মুখীন হোৱাৰ ভয়ত মন্দিৰ কর্তৃপক্ষৰ নিমাত৷ আহিন–কাতি মাহত বিভিন্ন উৎসৱ চলে৷ বিশ্বকর্মা পূজা, গণেশ পূজা, দুর্গা পূজা, নৱৰাত্রি, লক্ষ্মী পূজা, কালী পূজা, দীপাৱলীৰ পিছত কার্তিক পূজা পর্যন্ত কেৱল উৎসৱেই উৎসৱ৷ এইবাৰ তাৰ মাজতে মধ্যপ্রদেশকে ধৰি পাঁচখন ৰাজ্যত বিধানসভা নির্বাচন৷ নির্বাচনত অংশগ্রহণ কৰা প্রার্থীসকলে এই উৎসৱৰ সময়ত মুক্তহস্তে দান কৰিছে মন্দিৰত৷

You might also like