নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সকলোৱে একলগ হৈ ‘আজমলহঁত’ৰ পৰা আমি অসমীয়া জাতিটোক বচাব লাগিব :মন্ত্ৰী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ১৭ নৱেম্বৰ : আজমলৰ প্ৰতীকেৰে অসমত বহুত মানুহ আছে। তাৰ মাজত লাভ জেহাদী আছে, ডকাইত আছে, চোৰো আছে।- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। সম্প্ৰতি চৰ্চা লাভ কৰা এটা বিষয় ‘আজমলহঁত’। এই আজমলহঁত কোন বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰি কয় যে আজমল এটা প্ৰতীক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আজমল এটা প্ৰতীক। এই ‘আজমলহঁত’ত মাটি দখল কৰা মানুহ আছে। আমাৰ যিটো লেণ্ড জেহাদ বুলি কয়, লাভ জেহাদ বুলি কয়, সেইবোৰ আজমলহঁতত আছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আজমল বিষয়টোত খিলঞ্জীয়া মুছলমানসকলৰ কথা অহা নাই। কিন্তু আমি আকৌ কৈছে যে এই আজমলহঁত, অৰ্থাৎ যিখিনি মানুহ লাভ জেহাদী, ভূমি জেহাদী, চোৰ-ডকাইত তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিছো। বাংলা দেশীয় মূলৰ মানুহখিনিৰ মাজতেই লাভ জেহাদী আছে, ভূমি জেহাদী আছে, চোৰ-ডকাইতৰ সংখ্যা বেছি আছে বুলি মন্ত্ৰীগৰাকীয়ে পুনৰ কয়।
আজমলে অসমীয়াৰ স্বাভিমান চেলেং চাদৰ দলিয়াই দিয়াৰ পিছত এই সন্দৰ্ভত একো প্ৰতিক্ৰিয়া এতিয়ালৈকে দিয়া নাই। এই প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে আপোনালোকে প্ৰতিক্ৰিয়া বিচাৰে কিয়? আপোনালোকে বদৰুদ্দিন আজমলক ডাঙৰ মানুহ সজাই দিয়ে, কেতিয়াবা তেওঁ ক’ৰবাত ১ লাখ টকা এটা দি আহিলে আমিয়ে তেওঁক ভগৱান সজাই দিওঁ। সেইটো কৰিয়ে আমি জাতিটো নষ্ট কৰি আছো। আজমলৰ লগত আমাৰ কোনো মতলব নাই। আজমল যদি সুমেৰুত, আমি কুমেৰুত। এটা কথা ঠিক যে ‘আজমলহঁত’ৰ পৰা আমি অসমীয়া জাতিটো বাচিব লাগিব। আৰু তাৰ কাৰণে আমি সকলোৱে একলগ হ’ব লাগিব। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজাই দিছে যে ‘আজমলহঁত’ৰ মাজত কোন কোন আছে। আজমলহঁতৰ মাজত বাংলাংদেশীয় মূলৰ মুছলমান আছে।

You might also like