নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ সুৰাৰ বিৰুদ্ধে তিনিচুকীয়াত আবকাৰী বিভাগৰ অভিযান

বিশেষ বাৰ্তা, ১৭ নৱেম্বৰ:- তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে চহৰখনৰ নিকটৱৰ্তী মফচলীয়া অঞ্চলসমূহত বিলাতী সুৰাৰ লগতে চুলাই মদৰ এক বৃহৎ বজাৰ গঢ় লৈ উঠিছে । আবকাৰী বিভাগৰ লগতে আৰক্ষীয়ে এই অবৈধ সুৰাৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলাই আহিছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই অবৈধ সুৰাৰ ব্যৱসায়টো । ইয়াৰ মাজতে আজি তিনিচুকীয়া সদৰ আবকাৰী চক্ৰৰ এটা বৃহৎ দ’লে আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত বুজন পৰিমাণৰ চুলাই মদ নষ্ট কৰাৰ লগতে কেইবাটাও চুলাই ভাটি উচ্ছেদ কৰে । আবকাৰীৰ দলটোৱে গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নতুন গাঁও, বাৰেকুৰি আৰক্ষী থানাৰ অন্তৰ্গত কাটানি আৰু মাকুম আৰক্ষী থানাৰ অন্তৰ্গত চান্দমাৰীত অভিযান চলায়৷ অভিযান চলাই প্ৰায় ২৪ শ লিটাৰ চুলাই মদ বনোৱা গেলাপাছ আৰু ৬০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে ৫ টা চুলাই ভাটি উচ্ছেদ কৰে । তিনিচুকীয়া সদৰ আবকাৰী চক্ৰৰ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই এনেদৰেই প্ৰতিদিনেই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি সদৰী কৰাৰ লগতে এনেধৰণৰ পন্থা অৱলম্বন নকৰিবলৈ সকলো ৰাইজক আহ্বান জনায়।

প্ৰেৰক বিবেক বড়া

You might also like