নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষ পৰ্যায়ত ১১ দিনে সুৰংগত আবদ্ধ শ্রমিকক উদ্ধাৰ কাৰ্য

🔹 সুৰংগৰ বাহিৰত ৪০খন এম্বুলেঞ্চ সাজু

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : সুৰংগৰ মাজত আবদ্ধ হৈ থকা ৪১ শ্রমিকৰ উদ্ধাৰৰ ক্ষণ চমু চাপি আহিছে ৷ ১১ দিন ধৰি উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ শ্রমিকৰ শংকাময় জীৱনক আশাৰে উজ্জীৱিত কৰি তুলিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দল৷ পৰহি সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা শ্রমিকৰ সুৰক্ষিত অৱস্থাৰ প্রথম ভিডিঅ’ প্রকাশ কৰাৰ পিছত কালি উদ্ধাৰকাৰী দলে অহা ২৪ ঘণ্টাৰ ভিতৰত দেশবাসীয়ে আবদ্ধ শ্রমিক সন্দৰ্ভত সুখবৰ লাভ কৰিব বুলি প্রকাশ কৰিছে৷ ছিল্কিয়াৰা সুৰংগত আবদ্ধ হৈ থকা শ্রমিকৰ প্ৰায় ওচৰ চাপিছে উদ্ধাৰকাৰী ৷ ইতিমধ্যে ১০ দিন ধৰি ৬০ মিটাৰ ধ্বংসাৱশেষৰ পৰা প্ৰায় ৪৫তকৈ অধিক মিটাৰ ধ্বংসাৱশেষ আঁতৰ কৰিবলৈ সক্ষম হৈছে৷ অগাৰ গ্রিলিং মেচিনৰ জৰিয়তে ধ্বংসাৱশেষ আঁতৰাই ৪১ আবদ্ধ শ্রমিকৰ ওচৰ চাপিবলৈ আগবাঢ়ি গৈ আছে ৷ তথ্য মতে আৰু ১৫ মিটাৰ ধ্বংসাৱশেষ আঁতৰ কৰিব পাৰিলেই আবদ্ধ শ্রমিকৰ ওচৰ চাপিব আৰু এই শ্রমিকসকলক উদ্ধাৰ কৰি আনিব পাৰিব৷ ৯০০ এম এম পাইপৰ লগতে অতিৰিক্তকৈ ৮০০ এম এম পাইপ ব্যৱহাৰ কৰা হৈছে৷ সুৰংগটোৰ ভিতৰত ২১ মিটাৰলৈকে ৮০০ এম এম পাইপ সুমুৱাই দিয়াত কোনোধৰণৰ প্রতিবন্ধকতাৰ সৃষ্টি নোহোৱাক লৈ আজি এই পাইপ আবদ্ধ শ্রমিকৰ ওচৰ চাপিব বুলি উদ্ধাৰকাৰী দলে প্রকাশ কৰিছে৷ উত্তৰাখণ্ডৰ পথ আৰু পৰিবহণ বিভাগৰ জ্যেষ্ঠ বিষয়া মাহমুদ আহমেদে প্রকাশ কৰা মতে, সুৰংগটোত আবদ্ধ শ্রমিকৰ ওচৰ পাবলৈ আৰু বেছি সময় নালাগিব৷ আজিৰ ভিতৰতে দেশবাসীয়ে আবদ্ধ শ্রমিকক উদ্ধাৰৰ সুখবৰ লাভ কৰিব৷ ইপিনে, আবদ্ধ শ্রমিকক নিৰাপদে উদ্ধাৰ কৰাৰ পিছত ততালিকে চিকিৎসালয়লৈ নিবলৈ সুৰংগৰ মুখতে ৪০খন এম্বুলেঞ্চ সাজু কৰি ৰখা হৈছে৷ উদ্ধাৰ হোৱাৰ লগে লগে এই শ্রমিকসকলক চিকিৎসাৰ বাবে হাস্পতাললৈ নিয়া হ’ব৷ তথ্য মতে, পাইপেৰে আবদ্ধ শ্রমিকক খাদ্য, খোৱাপানী আদি যোগান ধৰি আছে৷ আবদ্ধ শ্রমিকসকল সুস্বাস্থ্যৰে সুৰক্ষিত হৈ আছে৷ দেশৰ উদ্ধাৰকাৰী দলে আবদ্ধ শ্রমিকক উদ্ধাৰ কৰাৰ ক্ষেত্রত জটিলতা সৃষ্টি হোৱাত আন্তর্জাতিক সুৰংগ বিশেষজ্ঞক মাতি আনিছে৷ এই বিশেষজ্ঞগৰাকীৰ পৰিচালনাতেই সম্প্রতি সুৰংগত আবদ্ধ শ্রমিকক উদ্ধাৰৰ আশা সজীৱ হৈ উঠিছে৷ উল্লেখ্য যে যোৱা ১২ নৱেম্বৰত উত্তৰকাশীৰ ছিল্কিয়াৰা–ডাণ্ডল গাঁও সুৰংগত ভূমিস্খলন ঘটি ৪১জন শ্রমিক আবদ্ধ হৈ পৰিছিল৷ এই শ্রমিকৰ মাজত অসমৰ দুজন আছে৷ আবদ্ধ শ্রমিকক লৈ পৰিয়ালৰ লোকসকল উদ্বিগ্ন হৈ আছে৷ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্রীয় চৰকাৰেও এই আবদ্ধ শ্রমিকৰ উদ্বিগ্ন পৰিয়ালক সুকলমে শ্রমিকসকলক উদ্ধাৰ কৰা হ’ব বুলি আশ্বাস দিছে৷

You might also like