ৰাজ্যত ১৫ সহস্রাধিক এইচআইভি পজিটিভ
🔹 পূর্বতকৈ সংক্রমণ কিছু বাঢ়িছে : স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত
ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ডিচেম্বৰ : এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ অর্থে কালি বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব এইডছ দিৱস৷ এই উপলক্ষে ৰাষ্ট্রীয় এইডছ নিয়ন্ত্রণ সংগঠন চমুকৈ নাকো আৰু ৰাজ্যিক পর্যায়ৰ এইডছ নিয়ন্ত্রণ সমিতিৰ উদ্যোগত কেন্দ্রীয়ভাৱে প্রথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ল বিশ্ব এইডছ দিৱস৷ ‘সমাজে লওক নেতৃত্ব’ শীর্ষক থীমেৰে গুৱাহাটীত প্রথমবাৰলৈ অনুষ্ঠিত কেন্দ্রীয় অনুষ্ঠানটোত অংশগ্রহণ কৰি কেন্দ্রীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অধ্যাপক এছ পি সিং ৱাঘেল আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অনুষ্ঠানটো৷ কেন্দ্রীয় ৰাজ্যিক স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্রী অধ্যাপক এছ পি সিং ৱাঘেলে এইডছ নিয়ন্ত্রণৰ ক্ষেত্রত অসম চৰকাৰে লোৱা ভূমিকাৰ শলাগ লয়৷ তেওঁ কয় যে এইডছ ভয়াৱহ ব্যাধি যদিও আজিকালি নিয়মিত দৰব সেৱন কৰিলে দীর্ঘ জীৱন লাভ কৰিব পাৰি৷ এইডছ আক্রান্তৰ বাবেই কেন্দ্রীয় চৰকাৰে বাজেটত এইবাৰ ১৫,৪৭১ কোটি টকা আবণ্টন দিছে৷ এই কার্যক্রমৰ অধীনত এইডছ আক্রান্ত ৰোগীসকলক বিনামূলীয়াকৈ আজীৱন দৰব দি থকা হৈছে৷ এইডছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰীভাৱে দেশজুৰি বহুসংখ্যক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে৷ বর্তমান ভাৰতবর্ষত ১৭.৫০ লাখৰো অধিক লোক এইডছত আক্রান্ত হোৱা বুলি পোৱা গৈছে৷ এই আক্রান্ত লোকসকলৰ চিকিৎসা বর্তমান নিয়মিতভাৱে চলি আছে৷ কিন্তু ভয়ংকৰ বিষয়টো এয়ে যে এইডছ আক্রান্ত হোৱাৰ পিছতো বহু লোক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই৷ উক্ত লোকসকলক চিনাক্ত কৰাৰ ক্ষেত্রত সমাজ তথা ৰাইজে চৰকাৰক সহযোগ কৰিব লাগিব৷ উল্লেখ্য যে এইচ আই ভি পজিটিভৰ হাৰ পূর্বৰ তুলনাত বহু কমিছে যদিও সমগ্র ভাৰতৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলত এই হাৰ অধিক দেখা গৈছে৷ উত্তৰ–পূূর্বাঞ্চলৰ অৰুণাচল প্রদেশ আৰু অসমৰ নগাঁও জিলাত এইচ আই ভি সংক্রমণৰ হাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ এই হাৰ যাতে বৃদ্ধি হ’ব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি আগন্তুক সময়ত নগাঁও জিলাক পাইলট প্রজেক্ট ৰূপে লৈ পৰীক্ষাৰ হাৰ বৃদ্ধি কৰা হ’ব৷ এইচ আই ভি আক্রান্ত লোকৰ বাবে প্রয়োজনীয় দৰব যোগানৰ ক্ষেত্রতো কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে চেষ্টাৰ ত্রুটি কৰা নাই৷ অন্ততঃ ছমাহ আগলৈকে এইডছ আক্রান্ত ৰোগীৰ বাবে প্রয়োজনীয় দৰব মজুত ৰখাৰ ক্ষেত্রত বিশেষ গুৰুত্ব কেন্দ্রীয় চৰকাৰে দিছে৷ অনুষ্ঠানটোত অংশ লৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এই অনুষ্ঠানটোৱে এইডছ সংক্রমণ ৰোধৰ ক্ষেত্রত অসমক অধিক আগুৱাই নিলে বুলি মন্তব্য কৰে৷ অসমৰ নগাঁও জিলাৰ লগতে মৰিগাঁও, হোজাই, কৰিমগঞ্জকে ধৰি কেইবাখনো জিলাত এইডছৰ সংক্রমণ অধিক হৈছে বুলি স্বীকাৰ কৰি স্বাস্থ্যমন্ত্রী মহন্তই ইয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিব বুলি উল্লেখ কৰে৷ তেওঁ কয় যে কেন্দ্রীয় চৰকাৰৰ তথ্য মতে, অসমত ৩০ হাজাৰৰো অধিক এইচ আই ভি আক্রান্ত লোক থাকিব লাগে যদিও শেহতীয়াকৈ কৰা পৰীক্ষাত ১৫ হাজাৰৰো অধিক লোকহে এইচ আই ভি আক্রান্ত বুলি চিনাক্ত হৈছে৷ তেওঁলোকে বর্তমান চৰকাৰে দিয়া বিনামূলীয়া চিকিৎসা সুন্দৰভাৱে পাবলৈ সক্ষম হৈছে৷ পূর্বতকৈ স্বাভাৱিকতে সংক্রমণৰ সংখ্যা কিছু বাঢ়িছে যদিও যাৱতীয় সকলো ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস তেওঁ দিয়ে৷ তেওঁ কয় যে আগন্তুক বর্ষত পাইলট প্রজেক্টৰ জৰিয়তে এইচ আই ভিৰ সংক্রমণ চিনাক্ত কৰাৰ বাবে বিভিন্ন জিলাত পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা হ’ব৷ এই প্রচেষ্টাই প্রকৃত তথ্য পোহৰলৈ আনিব৷ উল্লেখ্য যে অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি সংকলক পঞ্চম সংস্কৰণ, ভাৰত এইচ আই ভি প্রাক্কলন ২০২২, এনএচিঅ’ কেলেণ্ডাৰ ২০২৪কে আদি কৰি কেইবাখনো পত্রিকা উন্মোচন কৰা হয়৷ তদুপৰি এইচ আই ভিৰ সজাগতাৰ বাবে এখন প্রদর্শনীও উন্মোচন কৰে কেন্দ্রীয় ৰাজ্যিক স্বাস্থ্যমন্ত্রী এছ পি সিং ৱাঘেলে৷ অনুষ্ঠানটোত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা বহু বেচৰকাৰী সংস্থা, চিএছঅ’, ১৫শৰো অধিক এইচ আই ভি আক্রান্ত লোক, অসম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিকে প্রমুখ্য কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি, সামৰিক বাহিনীৰ বিষয়ববীয়াসহ নাকোৰ সঞ্চালক নিধি কেছাৰৱানি, ইউ এন এইডছৰ কান্ত্রি সঞ্চালক ডেভিদ ব্রীজাৰকে প্রমুখ্য কৰি আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷