নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুৰ ৩ কুখ্যাত কয়লা মাফিয়াৰ গৃহত অভিযান আয়কৰৰ

🔹 ক’লা হীৰাৰ বেপাৰীৰ বিৰুদ্ধে কঠোৰ চৰকাৰ

নিয়মীয়া বার্তা, ২ ডিচেম্বৰ : অসম জোকাৰি যোৱা অবৈধ কয়লা ছিণ্ডিকেট কাণ্ডৰে জড়িত তিনি প্রধান কয়লা মাফিয়া বি গণেশ, সুনীল গুৰুং আৰু গোবিন্দ চেত্রীৰ ঘৰত কালি পুৱা আয়কৰ বিভাগে অতর্কিতে অভিযান চলায়৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ মার্ঘেৰিটা সমষ্টিৰ অন্তর্গত লিডু, মার্ঘেৰিটা, টিপং আদি অঞ্চলত বিগত ২০১৭ বর্ষৰ পৰা ৰাষ্ট্রীয় সম্পদ কয়লাৰ অবৈধ ব্যৱসায় অব্যাহত আছে৷ কিন্তু অদ্যাপি ইয়াৰ সৈতে জড়িত কয়লা মাফিয়াৰ বিৰুদ্ধে কোনোধৰণৰ চৰকাৰী ব্যৱস্থা গ্রহণ কৰা দেখা নগৈছিল৷ তাক লৈ বিভিন্ন সময়ত প্রতিক্রিয়া সৃষ্টি হৈ আহিছে৷ কালি আয়কৰ বিভাগে পুৱতি নিশাৰে পৰা অঞ্চলটোৰ তিনিজন কয়লা মাফিয়া বি গণেশ, সুনীল গুৰুং আৰু গোবিন্দ চেত্রীৰ ঘৰত অতর্কিতে অভিযান চলায়৷ আয়কৰ বিভাগে তালাচীৰ লগতে জেৰা অব্যাহত ৰাখে ৷ অসম আৰক্ষীৰ পৰা ছজন ব্যক্তিগত দেহৰক্ষী লৈ থকা কয়লা মাফিয়া গোবিন্দ চেত্রীৰ ঘৰত তালাচী চলায় যদিও আয়কৰ বিভাগে কোনো তথ্য সদৰী কৰা নাই৷ উল্লেখ্য যে অসম জোকাৰি যোৱা প্রাঞ্জল মৰাণ হত্যাকাণ্ডৰ সৈতে কালি আয়কৰ বিভাগৰ তালাচীৰ আওতাত পৰা বি গণেশৰ নামো সাঙোৰ খাই আছিল৷ উল্লেখ্য যে মাফিয়া বি গণেশে লিডু থানাৰ কাষতে নতুনকৈ নির্মাণ কৰা প্রাসাদোপম অট্টালিকাত গৃহ প্রৱেশ হৈছিল যোৱা ২৪ নৱেম্বৰত৷

 

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like