জয়পুৰত আমিষ খাদ্যৰ দোকান বন্ধৰ নির্দেশ হিন্দুত্ববাদী বালমুকুন্দৰ
বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ মৰুৰাজ্য ৰাজস্থানৰ পৰম্পৰা অনুসৰি কংগ্রেছক পৰাজিত কৰি পুনৰ ক্ষমতালৈ উভতি আহিছে বিজেপি৷ নির্বাচনত জয়লাভ কৰাৰ পিছতে কট্টৰ হিন্দুত্বৰ ধ্বজা হাতত লৈ ৰাজপথত নামিল বিজেপি বিধায়ক বালমুকুন্দ আচার্য৷ সোমবাৰে স্থানীয় আৰক্ষী বিষয়াসকলক জয়পুৰৰ পথৰ দাঁতিত আমিষ খাদ্যৰ দোকান বন্ধ কৰাৰ নির্দেশ দিলে নৱনির্বাচিত বিধায়কগৰাকীয়ে৷ গেৰুৱা বিধায়কগৰাকীৰ হুংকাৰৰ ভিডি’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ জয়পুৰৰ হাৱা মহল আসনৰ পৰা জয়লাভ কৰিছে বালমুকুন্দ আচার্যই৷ দলত অতি প্রভাৱশালী নেতা নহয় যদিও কট্টৰ হিন্দুত্ববাদী হিচাপে পৰিচিত বালমুকুন্দ আচার্য৷ আৰক্ষী বিষয়াক অঞ্চলটোত আমিষ খাদ্য বিক্রী হয় নেকি বুলি প্রশ্ণ কৰি আজি সন্ধিয়াৰ ভিতৰতে প্রতিবেদনো বিচাৰে বিধায়কগৰাকীয়ে৷ ইয়াৰ লগে লগে সমগ্র বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷
#বাৰ্তা ডেস্ক