নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ : চৰকাৰৰ জলজীৱন আঁচনি উঠিল ধোঁৱাচাঙত। টেপেৰে নোলায় পানী, পৰিত্যক্ত পানীৰ টেপ হ’ল গৈ গৰু বন্ধা খুঁটি। পোহৰলৈ আহিছে ঘৰে ঘৰে পানী যোগানৰ অভিলাষী আঁচনিৰ বহুৱালি। বৰপেটাৰ বাঘবৰৰ আলোপতি অঞ্চলত জলজীৱনৰ সুফল পাবলৈ সক্ষম হোৱা নাই ৰাইজে। চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে ৰাইজক বিশুদ্ধ খোৱাপানী টুপি যোগান দিয়াৰ বাবে। পিছে মাহৰ পাছত মাহ বাগৰিল। আঁচনি সম্পূৰ্ণ হোৱা সত্বেও টেপেৰে নোলাল পানী টুপি। পদূলিয়ে পদূলিয়ে দৃষ্টিকটুভাৱে থিয় হৈ থকা পানীৰ টেপৰ প’ষ্টবোৰ এতিয়া ব্যৱহাৰ হৈছে গৰু বন্ধা খুঁটি হিচাপেহে | পৰিত্যক্ত হৈ আছে পানী যোগানৰ টেপবোৰ। ক’ৰবাত আকৌ বাইক গেৰেজৰ সন্মুখত থকা পানীৰ টেপত থূপাই থোৱা হৈছে বাইকৰ পুৰণি টায়াৰবোৰ। আঁচনি সম্পূৰ্ণ হোৱাৰ পাছতো এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সংশ্লিষ্ট চৰাঞ্চলৰ ৰাইজে। মুঠতে বহু গ্ৰামাঞ্চলত পানী যোগানৰ নামত চলিছে ভেল্কীবাজি, জলজীৱন আজি যেন ঠায়ে-ঠায়ে হৈ পৰিছে চৰকাৰী ধনৰ অপচয়ৰ ক্ষেত্ৰ। শীঘ্ৰে আঁচনি কাৰ্যক্ষম কৰি ৰাইজক সুফল দিয়াৰ দাবী জনাইছে সকলোৱে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস