নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘূৰ্ণি মিচাউঙৰ তাণ্ডৱত চেন্নাই অভিমুখী শতাধিক বিমান বাতিল

বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ ঘূৰ্ণীবতাহ মিচাউঙে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত প্ৰচণ্ড প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। এই ঘূৰ্ণিবতাহৰ ধুমুহাৰ সৰ্বোচ্চ প্ৰভাৱ চেন্নাইত দেখা গৈছে। এন ডি টি পিৰ প্ৰতিবেদন অনুসৰি তামিলনাডুৰ ৰাজধানী চেন্নাই সংযোগী এক হাজাৰৰো অধিক বিমান বাতিল কৰিবলগীয়া হৈছিল। ঘূৰ্ণীবতাহৰ ধুমুহা মিচাউঙৰ ফলত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে মহানগৰীৰ বিমানবন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলগীয়া হৈছিল। ইণ্ডিগোৱে এই পৰ্যন্ত ৫৫০খন বিমান বাতিল কৰাৰ বিপৰীতে কালিৰে পৰা ভিষ্টাৰ এয়াৰলাইন্সে ১০খন বিমান বাতিল কৰিছে। চেন্নাইত বৰষুণ বন্ধ হ’লেও বৰষুণৰ বাবে জমা হোৱা পানী এতিয়াও ওলাই আহিব পৰা নাই৷ ইয়াৰ বাবেই মহানগৰীত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘূৰ্ণীবতাহ ধুমুহা মিচাউং লাহে লাহে অন্ধ্ৰপ্ৰদেশৰ দিশে আগবাঢ়িছে। ইয়াৰ বাবেই অন্ধ্ৰপ্ৰদেশত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। বেয়া বতৰৰ বাবে কালি চেন্নাই বিমানবন্দৰে যাত্ৰা আৰু আগমনৰ বাবে ৰানৱে বন্ধ কৰি দিছিল। ইণ্ডিগোৱে দুপৰীয়াৰ ভাগত চেন্নাইৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ কৰে। মিচাউং ঘূৰ্ণীবতাহৰ বাবে দেওবাৰে নিশাৰ পৰা চেন্নাইত প্ৰচণ্ড মুষলধাৰ বৰষুণ, যাৰ বাবে চহৰখন ডুব গৈছিল। বাতিল হ’ল ৰে’ল আৰু বিমান সেৱা। শীঘ্ৰেই অন্ধ্ৰপ্ৰদেশত এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বৰ্তমান বিশাখাপট্টনম বিমানবন্দৰ বন্ধ।

#বাৰ্তা ডেস্ক

You might also like