নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ জন্মু–কাশ্মীৰ আৰক্ষীয়ে অত্যাধুনিক প্রযুক্তিৰ অস্ত্র ইয়াৰ কর্মী তথা বিষয়াসকলক প্রদান কৰাৰ সিদ্ধান্ত লৈছে ৷ বিশেষকৈ সন্ত্রাস প্রতিৰোধী অভিযানত আৰক্ষীৰ জোৱান তথা কর্মীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ এই অত্যাধুনিক অস্ত্র প্রদান কৰিব বিভাগটোৱে৷ জি মিডিয়াৰ এক সূত্রই সদৰী কৰা অনুসৰি জম্মু–কাশ্মীৰ আৰক্ষীয়ে অত্যাধুনিক সঁজুলি তথা অস্ত্রৰ বাবেই পূর্বৰে পৰা দাবী কৰি আহিছে৷ বিশেষকৈ আই ডিকে ধৰি বিভিন্ন বিস্ফোৰক চিনাক্ত কৰা, নিস্ক্রিয় কৰাৰ বাবে অত্যাধুনিক প্রযুক্তি বিচাৰি আহিছে সীমান্তত বৈৰী ৰাষ্ট্র পাকিস্তান থকা নৱগঠিত কেন্দ্রীয় শাসিত অঞ্চল জম্মু–কাশ্মীৰৰ প্রশাসনে৷ ইয়াৰ ভিতৰত বুলেট ৰেজিছটেণ্ট ভেষ্ট (বিআৰভি) আৰক্ষীকর্মীসকলক প্রদান কৰোৱাৰ দাবী জনোৱা হৈছে৷ অকল সেয়াই নহয়, জম্মু–কাশ্মীৰ আৰক্ষীক প্রদান কৰা হ’ব হেলিকপ্ঢাৰ, ৰবট আৰু ইউএভি৷ দেশৰ প্রথমখন কেন্দ্রীয় শাসিত অঞ্চল হিচাপে জম্মু–কাশ্মীৰৰ আৰক্ষীক অন্যান্য অত্যাধুনিক প্রযুক্তিৰ সঁজুলি তথা সমৰাষ্ট্র প্রদান কৰা হ’ব বুলিও একেটা সূত্রই সদৰী কৰিছে ৷