নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰুহানত ভাৰতৰ বিমানৰ প্রৱেশৰ অনুমতি নাই

অভিযোগ অস্বীকাৰ কৰিলে বেইজিং প্রশাসনে

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা চীনৰ হুবেই প্রদেশৰ ৱুহান চহৰত বিশেষ ভাৰতীয় বিমান প্রৱেশৰ ক্ষেত্রত অনুমতি দিয়াত কোনোধৰণৰ বিলম্ব ঘটোৱা নাই বেইজিং প্রশাসনে ৷ এই বিষয়টোক লৈ বিভিন্ন মহলে চীনৰ বিৰুদ্ধে অভিযোগ আনিছে যদিও বেইজিং প্রশাসনে স্পষ্ট কৰি দিছে যে ৱুহানৰ পৰা ভাৰতীয় লোকসকলৰ গৃহভূমিলৈ ওভতাই নিয়াৰ ক্ষেত্রত নতুন দিল্লী প্রশাসনে গ্রহণ কৰা তৎপৰতাত সহযোগিতা আগবঢ়োৱা হৈছে৷ আনকি দুয়োখন দেশৰ চৰকাৰৰ মাজত এই বিষয় লৈ সঘনে আলোচনা হৈছে বুলিও বেইজিঙে স্পষ্ট কৰিছে৷ ১৭ ফেব্রুৱাৰীত  ভাৰতে বায়ুসেনাৰ বৃহৎ বিমান চি–১৭ গ্ল’বমাষ্টাৰ ৱুহানলৈ প্রেৰণ কৰাৰ কথা ঘোষণা কৰে৷ এই জাহাজখনত ভাৰতে বিভিন্ন চিকিৎসাজাত সামগ্রী প্রেৰণ কৰিব বুলিও এক বিবৃতিত ঘোষণা কৰিছে৷ কিন্তু এই বিশেষ বিমানখনে ৱুহানত উপস্থিত হোৱাৰ বাবে চীনৰ পৰা অনুমতি পোৱা নাই বুলি সংবাদ মাধ্যমে সদৰী কৰিছে ৷

You might also like