ছুপ্রিম ক’ৰ্টৰ ৰায়ক আদৰণি : কাশ্মীৰ এতিয়া পূর্ণ বিকশিত ৰূপত উদ্ভাসিত হৈছে
🔹 নৰেন্দ্র মোদী, প্রধানমন্ত্রী
১১ ডিচেম্বৰত ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ৩৭০ আৰু ৩৫(ক) বাতিল কৰাৰ বিষয়ত এক ঐতিহাসিক ৰায় প্রদান কৰে৷ এই ৰায়ৰ জৰিয়তে ন্যায়ালয়ে ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতাক বাহাল ৰাখিলে, যি কথা প্রতিগৰাকী ভাৰতীয়ই মনত পোষণ কৰি আহিছে৷ উচ্চতম ন্যায়ালয়ে সঠিকভাৱে লক্ষ্য কৰিছিল যে ৫ আগষ্ট ২০১৯ত চৰকাৰে গ্রহণ কৰা সিদ্ধান্তটো সাংবিধানিকভাৱে বৈধ আছিল আৰু সকলো ঠাইকে একত্রিতকৰণৰ উদ্দেশ্যে সেই সিদ্ধান্ত গ্রহণ কৰা হৈছিল, বিভাজনৰ বাবে নহয়৷ ন্যায়ালয়ে এই সত্যটোও স্বীকাৰ কৰিছে যে অনুচ্ছেদ ৩৭০ স্থায়ী প্রকৃতিৰ নাছিল৷ জম্মু, কাশ্মীৰ আৰু লাডাখৰ সুন্দৰ প্রাকৃতিক দৃশ্য, শান্ত–সৌম্য উপত্যকা আৰু নান্দনিক পর্বতবোৰে কবি, শিল্পী আদি সকলোৰে হূদয় জয় কৰি আহিছে৷ এয়া এনে এক স্থান য’ত হিমালয়ে আকাশ ধিয়াই, য’ত হ্রদ আৰু নদীৰ জল তৰংগত সৰগখন প্রতিফলিত হয়৷ কিন্তু যোৱা সাত দশক ধৰি এই ঠাইবোৰক জোকাৰি গৈছিল হিংসা আৰু অস্থিৰতাই৷ যিবোৰ ঘটনা ঘটাটো কোনেও মনে–প্রাণে কামনা কৰা নাছিল৷ দুর্ভাগ্যবশতঃ শতিকাজুৰি ঔপনিৱেশ শাসনৰ অধীনত থকাৰ ফলত বিশেষকৈ অর্থনৈতিক আৰু মানসিক বশ্যতাৰ বাবে আমি একপ্রকাৰৰ বিভ্রান্তিৰ চিকাৰ হৈছিলোঁ৷ অতি মৌলিক বিষয়বোৰ সন্দর্ভত স্পষ্ট স্থিতি গ্রহণৰ পৰিৱর্তে আমি দ্বৈত স্থিতিকে মানি লৈছিলোঁ৷ যাৰ ফলত বিভ্রান্তিৰ সৃষ্টি হৈছিল৷ দুখৰ বিষয় যে জম্মু–কাশ্মীৰ এনে মানসিকতাৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্রস্ত হৈছিল৷ স্বাধীনতাৰ সময়ত আমাৰ সন্মুখত ৰাষ্ট্রীয় একত্রীকৰণৰ বাবে এক নতুন আৰম্ভণি কৰাৰ বিকল্প আছিল৷ ইয়াৰ পৰিৱর্তে আমি বিভ্রান্ত, বিভাজিত সমাজৰ দৃষ্টিভংগী অব্যাহত ৰখাৰহে সিদ্ধান্ত লৈছিলোঁ, যদিও ই দীর্ঘম্যাদী ৰাষ্ট্রীয় স্বার্থক উপেক্ষা কৰিছিল৷
মই মোৰ জীৱনৰ আৰম্ভণিৰে পৰাই জম্মু আৰু কাশ্মীৰ আন্দোলনৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ পাইছোঁ৷ মই এটা আদর্শগত পৰিকাঠামোৰ অন্তর্ভুক্ত, য’ত জম্মু আৰু কাশ্মীৰ কেৱল এটা ৰাজনৈতিক সমস্যা নাছিল৷ এয়া সমাজৰ আশা–আকাংক্ষাক প্রতিফলিত কৰাৰ বিষয়হে আছিল৷ ড০ শ্যামা প্রসাদ মুখার্জীয়ে নেহৰু কেবিনেটত এটা গুৰুত্বপূর্ণ দপ্তৰৰ দায়িত্বত আছিল আৰু তেওঁ দীর্ঘদিন চৰকাৰত থাকিব পাৰিলেহেঁতেন৷ তথাপি তেওঁ কাশ্মীৰ সমস্যাৰ প্রসংগতেই কেবিনেট ত্যাগ কৰিছিল আৰু সন্মুখৰ জটিল পথ বাছি লৈছিল৷ তেওঁ ইয়াৰ বাবে মূল্যও ভৰিবলগীয়া হৈছিল৷ তেওঁৰ প্রচেষ্টা আৰু ত্যাগৰ ফলত কোটি কোটি ভাৰতীয় কাশ্মীৰ সমস্যাৰ সৈতে আৱেগিকভাৱে জডিত হৈ পৰিছিল৷ বহু বছৰ পাছত অটলজীয়ে শ্রীনগৰত এখন ৰাজহুৱা সভাত ‘ইনছানিয়াত’, ‘জামহুৰিয়াত’ আৰু ‘কাশ্মীৰিয়াত’ৰ শক্তিশালী বার্তা প্রদান কৰিছিল, যি বার্তা সদায়ে এক মহান অনুপ্রেৰণাদায়ক বার্তা হিচাপে পৰিগণিত হৈ আহিছে৷
জম্মু–কাশ্মীৰত যি ঘটিছিল, সেয়া আমাৰ দেশ আৰু তাত বাস কৰা লোকসকলৰ প্রতি এক ডাঙৰ বিশ্বাসঘাতকতা আছিল বুলি মই সদায় দৃঢ়তাৰে বিশ্বাস কৰি আহিছোঁ ৷ সেই বাধাসমূহ কিদৰে দূৰ কৰিব পাৰি, সেই বিষয়তো মই চিন্তা–চর্চা কৰি আহিছোঁ৷
অতি সাধাৰণ শব্দত অনুচ্ছেদ ৩৭০ আৰু ৩৫ (ক) সেই ঠাহৰ উন্নয়নৰ এক ডাঙৰ বাধা আছিল৷ সেইবোৰক একোখন শক্তিশালী দেৱাল যেন অনুভৱ হৈছিল আৰু সেই বাধাৰ ভুক্তভোগীসকল দৰিদ্র আৰু দলিত আছিল৷ অনুচ্ছেদ ৩৭০ আৰু ৩৫ (ক)য়ে নিশ্চিত কৰিছিল যে জম্মু আৰু কাশ্মীৰৰ মানুহে কেতিয়াও বাকী ভাৰতীয়সকলে লাভ কৰা অধিকাৰ আৰু উন্নয়ন ভোগ কৰিব নোৱাৰে৷ এই অনুচ্ছেদবোৰৰ বাবে একেখন ৰাষ্ট্রৰ লোকসকলৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল৷ এই দূৰত্বৰ বাবে জম্মু–কাশ্মীৰৰ সমস্যা সমাধানৰ অর্থে কাম কৰিব বিচৰা আমাৰ দেশৰ বহু লোকে তাত থকা লোকসকলৰ বেদনা স্পষ্টভাৱে অনুভৱ কৰিলেও একো কৰিব পৰা অৱস্থাত নাছিল৷
যোৱা কেইবাদশক ধৰি বিষয়টো নিবিড়ভাৱে নিৰীক্ষণ কৰা এজন লোক হিচাপে বিষয়টোৰ নির্দিষ্ট তাৎপর্য আৰু জটিলতাবোৰৰ বিষয়ে মোৰ এক সূক্ষ্ম ধাৰণাৰ সৃষ্টি হৈছিল৷ মই এটা বিষয়ত দৃঢ়তাৰে কৈছিলোঁ যে জম্মু–কাশ্মীৰৰ লোকসকলেও উন্নয়ন বিচাৰে আৰু তেওঁলোকে তেওঁলোকৰ শক্তি তথা দক্ষতাৰ ভিত্তিত ভাৰতৰ বিকাশত অৰিহণা যোগাব বিচাৰে৷ তেওঁলোকে তেওঁলোকৰ সন্তানৰ বাবে উন্নত মানৰ জীৱন বিচাৰে৷ জম্মু–কাশ্মীৰৰ জনসাধাৰণক সেৱা আগবঢ়োৱাৰ সময়ত আমি তিনিটা বিষয়ত প্রাধান্য দিছিলোঁ– নাগৰিকসকলৰ উদ্বেগৰ বুজ লোৱা, সঠিক পদক্ষেপৰ জৰিয়তে বিশ্বাসৰ পৰিৱেশ গঢ় দিয়া আৰু অধিক উন্নয়নক অগ্রাধিকাৰ দিয়া৷
২০১৪ চনত আমি কার্যভাৰ গ্রহণ কৰাৰ ঠিক পাছতে জম্মু আৰু কাশ্মীৰত ভয়ংকৰ বান হৈছিল৷ বানৰ ফলত কাশ্মীৰ উপত্যকাত যথেষ্ট ক্ষতি হৈছিল ৷ ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত মই পৰিস্থিতিৰ মূল্যাংকন কৰিবলৈ শ্রীনগৰলৈ গৈছিলোঁ আৰু সংকটৰ সময়ত জনসাধাৰণক সমর্থন কৰাৰ বাবে আমাৰ চৰকাৰৰ প্রতিশ্রুতিৰ ইংগিত দি পুনৰ সংস্থাপনৰ বাবে বিশেষ সহায় হিচাপে ১,০০০ কোটি টকা ঘোষণা কৰিছিলোঁ৷ মই সেই সময়ত তাত সমাজৰ বিভিন্ন ক্ষেত্রৰ লোকসকলক লগ পোৱাৰ সুযোগ পাইছিলোঁ আৰু তেওঁলোকৰ সৈতে কৰা বার্তালাপবোৰত এটা উমৈহতীয়া ধ্বনি অনুৰণিত হৈছিল– মানুহে কেৱল উন্নয়ন বিচৰাই নহয়, তেওঁলোকে দশকজুৰি চলি থকা ব্যাপক দুর্নীতিৰ পৰা মুক্তি বিচাৰিছিল৷ একে বছৰতে মই জম্মু–কাশ্মীৰত প্রাণ হেৰুওৱা লোকসকলৰ স্মৰণত দেৱালী উদযাপন নকৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ মই দেৱালীৰ দিনা জম্মু আৰু কাশ্মীৰত থকাৰ সিদ্ধান্ত লৈছিলোঁ৷ জম্মু–কাশ্মীৰৰ উন্নয়ন যাত্রা অধিক শক্তিশালী কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলোঁ যে আমাৰ চৰকাৰৰ মন্ত্রীসকলে সঘনাই তালৈ যাব আৰু মানুহৰ সৈতে পোনপটীয়াকৈ বার্তালাপ কৰিব৷ এই সঘনাই কৰা ভ্রমণবোৰে জম্মু আৰু কাশ্মীৰত মানুহৰ মাজত সদিচ্ছা আৰু বিশ্বাসৰ পৰিৱেশ গঢ়ি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ মে’ ২০১৪ৰ পৰা মার্চ ২০১৯লৈ ১৫০গৰাকীৰো অধিক মন্ত্রীয়ে কাশ্মীৰ ভ্রমণ কৰিছে৷ এয়া নিজেই এটা অভিলেখ৷ ২০১৫ চনত ঘোষণা কৰা বিশেষ পেকেজ জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ প্রয়োজনীয়তা পূৰণৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ আছিল৷ ইয়াত আন্তঃগাঁথনি উন্নয়ন, চাকৰিৰ সৃষ্টি, পর্যটনৰ প্রচাৰ আৰু হস্তশিল্প উদ্যোগক উদগনি যোগোৱাৰ বাবে গ্রহণ কৰা পদক্ষেপ অন্তর্ভুক্ত আছিল৷
আমি জম্মু–কাশ্মীৰত ক্রীড়াৰ শক্তিক জাগ্রত কৰিছোঁ, যুৱসকলৰ সপোনক দিঠকত পৰিণত কৰাৰ বাবে তেওঁলোকৰ সম্ভাৱনাক স্বীকৃতি দিছোঁ ৷ ক্রীড়া প্রচেষ্টাৰ জৰিয়তে আমি তেওঁলোকৰ আকাংক্ষা আৰু ভৱিষ্যতৰ ভেটি স্থাপনৰ প্রভাৱ প্রত্যক্ষ কৰিছোঁ ৷ কাশ্মীৰৰ ক্রীড়া ক্ষেত্রবোৰ উন্নীত কৰা হৈছে, প্রশিক্ষণ কার্যসূচীৰ আয়োজন কৰা হৈছে আৰু প্রশিক্ষক নিয়োগ কৰা হৈছে৷
অসামান্য প্রতিভাশালী ফুটবলাৰ আফছান আশিকৰ নাম মোৰ মনলৈ আহিছে৷ ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ শ্রীনগৰত নিৰাপত্তা বাহিনীলৈ শিল নিক্ষেপ কৰাসকলৰ মাজৰে এজন আছিল৷ কিন্তু সঠিক উৎসাহ লাভ কৰাৰ পাছত তেওঁ পুনৰ ফুটবললৈ ঘূৰি আহিছিল, তেওঁক প্রশিক্ষণৰ বাবে প্রেৰণ কৰা হৈছিল আৰু খেলত তেওঁ উৎকৃষ্ট প্রদর্শনো কৰিছিল৷ মোৰ মনত আছে ফিট ইণ্ডিয়া ডায়লগত তেওঁৰ সৈতে বার্তালাপ কৰাৰ কথা৷ য’ত মই কৈছিলোঁ যে ‘বেণ্ড ইট লাইক বেকহাম’ৰ দৰে ‘Ace it like Afshan’ হৈ আগুৱাই যোৱা’৷ কাশ্মীৰৰ আন যুৱক–যুৱতীসকলেও কিক-বক্সিং, কাৰাটে আদি খেলত জিলিকিবলৈ আৰম্ভ কৰিছিল৷
অঞ্চলটোৰ সর্বাংগীণ উন্নয়নত পঞ্চায়ত নির্বাচনেও গুৰুত্বপূর্ণ প্রভাৱ পেলাইছিল ৷ আকৌ এবাৰ আমি ক্ষমতাত থাকিম নে নীতিৰ সৈতে আপোচ কৰিম জাতীয় দ্বিধাৰ সন্মুখীন হৈছিলোঁ৷ আমি চৰকাৰ এৰি দিছিলোঁ, কিন্তু আমি আমাৰ আদর্শবোৰক, জম্মু–কাশ্মীৰৰ জনসাধাৰণৰ আশা–আকাংক্ষাবোৰক সর্বাধিক অগ্রাধিকাৰ দিয়াৰ বিষয়ৰ পৰা বিচলিত হোৱা নাছিলোঁ৷ কাশ্মীৰত পঞ্চায়ত নির্বাচনৰ সফলতাই গণতান্ত্রিক পৰম্পৰা ৰক্ষা পৰাৰ ইংগিত দিছিল৷
মোৰ মনত পৰিছে গাঁওবোৰৰ প্রধানসকলৰ সৈতে কৰা বার্তালাপৰ কথা ৷ অন্যান্য বিষয়ৰ উপৰি মই তেওঁলোকক এটা অনুৰোধ কৰিছিলোঁ যে কেতিয়াও বিদ্যালয়ত অগ্নিসংযোগ কৰিব নালাগে আৰু এই কথা আমি দৃঢ়ভাৱে নিশ্চিত কৰিব লাগিব ৷ মোৰ সেই আহ্বান তেওঁলোকে মানি চলা দেখি মই আনন্দিত হৈছিলোঁ ৷ যদি বিদ্যালয়বোৰ জ্বলাই দিয়া হয়, আটাহতকৈ ক্ষতিৰ সন্মুখীন হয় কণ কণ শিশুসকল৷
৫ আগষ্টৰ ঐতিহাসিক দিনটো প্রতিজন ভাৰতীয়ৰ হূদয় আৰু মনত খোদিত হৈ আছে৷ আমাৰ সংসদে সেই দিনটোতে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ঐতিহাসিক সিদ্ধান্ত গৃহীত কৰিছিল৷ তেতিয়াৰে পৰা জম্মু, কাশ্মীৰ আৰু লাডাখত যথেষ্ট পৰিৱর্তন হৈছে৷ ন্যায়িক আদালতৰ ৰায় ২০২৩ চনৰ ডিচেম্বৰত আহিছিল, কিন্তু জম্মু, কাশ্মীৰ আৰু লাডাখত উন্নয়নৰ ঢৌ দেখি জন ন্যায়ালয়ে যেন অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) বাতিল কৰাৰ সংসদৰ সিদ্ধান্তক হাত চাপৰি বজাই আদৰণি জনাইছিল৷
ৰাজনৈতিক পর্যায়ত যোৱা ৪ বছৰত তৃণমূল পর্যায়ৰ পৰাই গণতন্ত্রৰ বিষয়ত এক নতুন বিশ্বাসৰ পৰিৱেশ গঢ় লৈ উঠিছে৷ পূর্বে সমাজৰ মহিলা, জনজাতি, অনুসূচিত জাতি, জনজাতি আৰু প্রান্তিক শ্রেণীৰ লোকসকলে তেওঁলোকৰ প্রাপ্য লাভ কৰা নাছিল৷ একে সময়তে লাডাখৰ আশা–আকাংক্ষাক সম্পূর্ণৰূপে উপেক্ষা কৰা হৈছিল৷ ৫ আগষ্ট ২০১৯ৰ পাছৰে পৰা সেই সকলোবোৰ কথা সলনি হৈ গ’ল৷ কাশ্মীৰত এতিয়া সকলো কেন্দ্রীয় আইন ভয় বা পক্ষপাত নোহোৱাকৈ প্রযোজ্য হৈছে৷ জনপ্রতিনিধিত্বও অধিক বিস্তৃত হৈছে, তিনি স্তৰৰ পঞ্চায়তীৰাজ প্রণালী প্রস্তুত হৈছে, বিডিচি নির্বাচন অনুষ্ঠিত হৈছে আৰু শৰণার্থী সম্প্রদায়, যিসকলক সকলোৱে পাহৰি গৈছিল, তেওঁলোকে উন্নয়নৰ ফল উপভোগ কৰিবলৈ আৰম্ভ কৰিছে৷
কাশ্মীৰত এতিয়া কেন্দ্রীয় চৰকাৰৰ মুখ্য আঁচনিসমূহ পূর্ণ বিকশিত ৰূপত উদ্ভাসিত হৈছে৷ আঁচনিসমূহে সমাজৰ সকলো শ্রেণীৰ লোককে সামৰি লৈছে৷ তেনে আঁচনিসমূহৰ ভিতৰত আছে সৌভাগ্য, উজৱালা আৰু উজ্জ্বলা আঁচনি৷ গৃহ নির্মাণ, টেপৰ পানী সংযোগ আৰু বিত্তীয় অন্তর্ভুক্তিৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰা হৈছে৷ স্বাস্থ্য সেৱা, আন্তঃগাঁথনিৰ উন্নীতকৰণ আদি সম্ভৱ হৈ পৰিছে৷ চৰকাৰী খালী পদ পূৰণ কৰা হৈছে৷
পক্ষপাতিত্বহীনভাৱে সকলো কাম স্বচ্ছভাৱে সম্পাদন কৰি থকা হৈছে৷ আইএমআৰৰ দৰে অন্যান্য সূচকবোৰে এতিয়া কাশ্মীৰত কেৱল উন্নতিৰ ছবিখন প্রতিফলিত কৰিছে৷ আন্তঃগাঁথনি আৰু পর্যটনৰ উৎসাহে বিকাশৰ মাত্রা বঢ়াই তুলিছে৷ ইয়াৰ কৃতিত্ব স্বাভাৱিকতে জম্মু–কাশ্মীৰৰ লোকসকললৈ যায়, যিসকলে বাৰে বাৰে কৈ আহিছে যে তেওঁলোকে কেৱল উন্নয়ন বিচাৰে আৰু এই ইতিবাচক পৰিৱর্তনৰ এগৰাকী সহযোগী হ’বলৈ ইচ্ছুক৷ ইয়াৰ পূর্বে জম্মু, কাশ্মীৰ আৰু লাডাখৰ পৰিস্থিতি আৰু বিকাশক লৈ প্রশ্নবোধক চিহ্ণ আছিল৷ এতিয়া সকলোতে কেৱল অভিলেখসংখ্যক বৃদ্ধি, অভিলেখ সৃষ্টিকাৰী বিকাশ, অভিলেখসংখ্যক পর্যটকৰ প্রবাহৰ ছবিখনহে প্রতিফলিত হয়৷
উচ্চতম ন্যায়ালয়ে ১১ ডিচেম্বৰত দিয়া ৰায়ে ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ মনোভাবক শক্তিশালী কৰিছে– ই আমাক সোঁৱৰাই দিছে যে আমাক যি ধৰণে সংজ্ঞায়িত কৰা হৈছে সেয়া হৈছে ঐক্যৰ বন্ধন আৰু সুশাসনৰ প্রতি এক অংশীদাৰী প্রতিশ্রুতি৷ আজি জম্মু, কাশ্মীৰ আৰু লাডাখত জন্মগ্রহণ কৰা প্রতিটো শিশুৱে এনে এক পৰিৱেশত জন্মগ্রহণ কৰে, য’ত তেওঁলোকে জীৱনৰ আকাংক্ষাবোৰ, পৰিপূর্ণ ভৱিষ্যতৰ ৰংবোৰ বিচাৰি পাব পাৰে৷ আজি কাশ্মীৰৰ জনসাধাৰণৰ সপোনবোৰ অতীতৰ ভয়াৱহতাৰ মাজত বন্দী নহয়, ভৱিষ্যতৰ সম্ভাৱনাৰেহে পৰিপূর্ণ৷ মুঠতে কাশ্মীৰত এতিয়া হতাশাৰ স্থান উন্নয়ন, গণতন্ত্র আৰু মর্যাদাই দখল কৰিছে৷