🔹 অযোধ্যাৰ নির্মীয়মাণ ৰাম মন্দিৰত অসমৰ ভাস্কর্য শিল্পীৰ ১০ বছৰজোৰা ব্যস্ততা
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : ২০২৪ চনৰ ২২ জানুৱাৰীত বহুপ্রত্যাশিত অযোধ্যা ৰাম মন্দিৰৰ শুভ ডদ্বোধন হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাম মন্দিৰ ডদ্বোধন কৰিব আৰু সেহদিনাই প্রতিষ্ঠা হ’ব ৰামৰ প্রতিমাৰ প্রাণ৷ তাৰ পিছত ২৩ জানুৱাৰীৰ পৰা ৰাম মন্দিৰৰ দুৱাৰ ৰাহজৰ বাবে মুকলি কৰা হ’ব৷ হয়াৰ বাবে অযোধ্যা চহৰখনক ন–কহনা ৰূপত সজাহ তোলাৰ প্রস্তুতি চলি আছে৷ ৰাম মন্দিৰৰ লগত অসমৰ বৰাক ডপত্যকাৰ কলাৰ এক ঘনিষ্ঠ সম্পর্ক গঢ় লৈ ডঠিছে৷ বহুতৰে বাবে অবিশ্বাস্য যেন লাগিলেও শিলচৰ হটখলা ৰামকৃষ পল্লীৰ ৰঞ্জিত মণ্ডলে এয়া কৰি দেখুৱাহছে৷ তেওঁ ৰাম মন্দিৰ কৰিড’ৰত অর্থাৎ ৰামকথা কুঞ্জত স্থাপন কৰিবলৈ ৰামায়ণৰ এশটা প্রসংগৰে প্রায় এহাজাৰ মূর্তি নির্মাণ কৰি আছে৷ অযোধ্যাৰ কার্ছেৱকপুৰমত সেহ মূর্তিবোৰক জীৱন্ত ৰূপ দিবলৈ তেওঁৰ কাম দিনে–নিশাহ চলি আছে৷ দহ বছৰ পূর্বে ২০১৩ চনত তেওঁ এহ মূর্তিবিলাকৰ নির্মাণৰ কাম আৰম্ভ কৰিছিল৷ এতিয়ালৈকে সাতশ মূর্তি নির্মাণ সম্পূর্ণ হৈছে৷ এটা প্রসংগৰ মূর্তিৰ নির্মাণৰ কাম শেষ কৰিবলৈ প্রায় দুহ–তিনি মাহ সময় লাগে৷ মূর্তিবোৰ আকাৰত বিশাল৷ এটা তিনিৰ পৰা ছয় ফুট ওখ৷ চিমেণ্ট, বালি, লোহাৰ, ৰড, পাতলীয়া তাঁৰ আৰু অন্যান্য সামগ্রী ব্যৱহাৰ কৰি সেহবোৰ তৈয়াৰ কৰা হৈছে৷ অসমৰ শিল্পী ৰঞ্জিত মণ্ডলৰ দ্বাৰা নির্মিত মূর্তিৰ সহায়ত ৰাম মন্দিৰ দর্শন কৰিবলৈ যোৱা ভক্তসকলৰ আগত তেওঁৰ নান্দনিক কলাত্মক মনোভাবেৰে ৰামৰ জীৱন কাহিনী প্রস্ফুটিত হ’ব৷ ৰামৰ জন্মৰ আগৰ ঘটনাৰাজিৰ পৰা আৰম্ভ কৰি মর্যাদা পুৰুষোত্তম ৰামৰ সমস্ত জীৱন কাহিনী অসমৰ এহগৰাকী শিল্পীৰ হাতেৰে বর্ণিত হ’ব৷ ফলত শিল্পী ৰঞ্জিত মণ্ডলে স্বাভাৱিকতে ৰাম মন্দিৰ নির্মাণত অংশগ্রহণ কৰি নিজকে ধন্য অনুভৱ কৰিছে৷ তেওঁ ভাবে যে পূর্ব জন্মৰ কিবা এটা গুণৰ ফলস্বৰূপে এহ জন্মত হমান ডাঙৰ সুযোগ পালে৷ শিলচৰসহ অসমৰ বহু লোকৰ বাবে তেওঁৰ শিল্পকর্ম যে গৌৰৱৰ বিষয় সেয়া নিশ্চিত৷ ফোনযোগে কথা পতাৰ সময়ত শিল্পী ৰঞ্জিত মণ্ডলে এহ প্রতিবেদকক কয় যে তেওঁ কেতিয়াও শিল্পকলাৰ কোনো প্রশিক্ষণ লোৱা নাহ৷ সৰুৰে পৰাহ তেওঁ মাটিৰ মূর্তি তৈয়াৰ কৰি ভাল পাহছিল৷ কিশোৰ অৱস্থাত তেওঁৰ মূর্তিবোৰে শিলচৰ ঘনিয়ালা ৰামকৃষ পল্লীৰ চুবুৰীয়াৰ ড্রয়িং ৰূমৰ শ্ব’কেচত শোভা বঢ়াহছিল৷ মাটিৰ মূর্তিৰ লগতে চিমেণ্টৰ কংক্রিট আৰু লোহাৰ ৰডেৰে কেতিয়া মূর্তি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল নিজৰেই সঠিককৈ মনত নাহ৷ কিন্তু ১৯৯৫–৯৬ চনত তেওঁ কলাৰ ক্ষেত্রত প্রথম ব্রেক পালে৷ সেই সময়ত তেওঁ শিলচৰত হাহসুকলীয়া ছাত্র আছিল৷ তেওঁৰ হাতেৰে নির্মিত মহাত্মা গান্ধীৰ শিলৰ প্রতিমূর্তিয়ে অতি প্রশংসা লাভ কৰিছিল৷ কেৱল সেয়াহ নহয়, ১৯৯৭ চনত শিলচৰ ফাটক বজাৰ চৌৰঙীত সেহ প্রতিমূর্তি স্থাপন কৰা হৈছিল, যিটো আজিও বিদ্যমান৷ এক অনুষ্ঠানত নিজে নির্মাণ কৰা মহাত্মা গান্ধীৰ প্রতিমূর্তি প্রতিষ্ঠা হোৱা দেখি ছাত্র ৰঞ্জিত মণ্ডলৰ আত্মবিশ্বাস বাঢ়ি গ’ল আৰু তাৰ পৰাহ তেওঁ বৰাকত ভাস্কর্য শিল্পী হিচাপে আত্মপ্রকাশ কৰে৷ ১৯৯৯ চনত শিলচৰ মালুগ্রামৰ সর্বোদয় হাহসুকলত তেওঁৰ দ্বাৰা নির্মিত স্বাধীনতা সংগ্রামী শচীন্দ্র মোহন দত্তৰ (লাখুদাৰ) শিলৰ প্রতিমূর্তি স্থাপন কৰা হয়৷ ৰঞ্জিত মণ্ডলৰ সেহ ভাস্কর্যহ সমাদৰ লাভ কৰিছিল৷ সেহ সময়ত ৰঞ্জিত মণ্ডল বিবেক বাহিনীৰ সৈতে জডিত আছিল, সেয়েহে বিবেক বাহিনীৰ প্রতিষ্ঠাপক তথা সভাপতি ড০ সুখময় ভট্টাচার্যৰ সৈতেও তেওঁৰ ভাল সম্পর্ক আছিল৷ ড০ সুখময় ভট্টাচার্য ৰঞ্জিত মণ্ডলৰ প্রেৰণাৰ ডৎস৷ তেওঁৰ প্রচেষ্টাৰ বাবে ১৯৯৯ চনত বিশ্ব হিন্দু পৰিষদৰ ডদ্যোগত গুৱাহাটীৰ অসম বেদ বিদ্যালয়ত শিল্পী ৰঞ্জিতৰ দ্বাৰা নির্মিত মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্র বসু, চর্দাৰ ভগৎ সিং, ড০ শ্যামা প্রসাদ মুখার্জী আৰু নটৰাজৰ প্রতিমূর্তি প্রদর্শন কৰা হয়৷ ফলত তেওঁৰ শিল্পকর্মত আপ্লুত হৈ বেদ বিদ্যালয়ৰ সম্পাদক কিৰণ শর্মাহ তেওঁক গুৱাহাটীত অসম বেদ বিদ্যালয় স্থাপনৰ বাবে মহর্ষি বেদ ব্যাসৰ এটা ওখ প্রতিমূর্তি নির্মাণৰ প্রস্তাৱ দিয়ে৷ আৰু তেতিয়া সেহ প্রতিমূর্তি ডন্মোচন কৰিবলৈ আহি বিশ্ব হিন্দু পৰিষদৰ মুৰব্বী অশোক সিংহলে শিল্পী ৰঞ্জিত মণ্ডলৰ কাৰুকার্যক প্রশংসা কৰি অভিনন্দন জনাহছিল৷ তেতিয়া অশোক সিংহলে শিল্পী ৰঞ্জিত মণ্ডলক তেওঁৰ লগত দিল্লীলৈ লৈ যায়৷ হয়াৰ ফলত দিল্লীৰ বিশ্ব হিন্দু পৰিষদৰ কার্যালয় চৌহদত ৰঞ্জিতৰ নির্মিত গো–মাতা আৰু গাখীৰ খোৱা গৰুৰ পোৱালিৰ মূর্তি স্থাপন কৰা হয়, যিবোৰে আজিও চৌহদটোৰ শোভা বঢ়াহছে৷ পিছলৈ তেওঁ বিশ্ব হিন্দু পৰিষদৰ কেন্দ্রীয় মন্ত্রী চম্পত ৰায়ৰ সৈতে অযোধ্যাৰ কার্ছেৱকপুৰমলৈ গুচি যায়৷ তেতিয়াৰ পৰা তেওঁ পিছলৈ ঘূৰি চোৱা নাহ৷ ২০০৩ চনত পণ্ডিত দীনদয়াল শোধ সংস্থাৰ পৰা তেওঁক বিভিন্ন দেৱ–দেৱী আৰু ঋষিৰ ৩৪টা মূর্তি নির্মাণৰ দায়িত্ব দিয়া হয়৷ তাতেহ তেওঁ ভাৰতৰত্ন নানাজী দেশমুখৰ সংস্পর্শলৈ আহি তেওঁৰ নির্দেশত চিত্রকূটলৈ গৈ দেৱী সৰস্বতীৰ মূর্তি নির্মাণ কৰে৷ ভাৰতৰ তদানীন্তন ডপ–প্রধানমন্ত্রী লালকৃষ আদৱানিয়ে সেহ প্রতিমূর্তি ডন্মোচন কৰিছিল৷ দেশ–বিদেশৰ বহু মঠ–মন্দিৰত স্থাপন কৰিবলৈ অগণন মূর্তি নির্মাণ কৰাৰ পিছত অৱশেষত ২০১৩ চনৰ পৰা ৰাম মন্দিৰৰ কৰিড’ৰত প্রতিষ্ঠা কৰিবলৈ প্রায় এহাজাৰ মূর্তি নির্মাণৰ কামৰ দায়িত্ব গ্রহণ কৰে৷ সেহ সময়ত অৱশ্যে তেওঁ পিতৃ নাৰায়ণ মণ্ডলকো অসমৰ পৰা তালৈ লৈ গৈছিল৷ তাতে পিতৃ নাৰায়ণ মণ্ডলে পুত্রৰ কামত সহযোগ কৰি আছিল৷ আজি পিতৃ জীয়াহ নাহ যদিও তেওঁৰ পুত্রৰ ভাস্কর্য শিল্পহ সমগ্র অসমক গৌৰৱান্বিত কৰি তুলিছে৷
প্ৰেৰক মনোজ মোহান্তি