নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ : নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ জামলাই অঞ্চলত দীৰ্ঘদিনৰে পৰা একাংশ বালি ব্যৱসায়ীয়ে অবৈধভাৱে অহৰহ নৈৰ বুকুৰ পৰা বালি খনন কৰি থকাৰ অভিযোগ স্থানীয় সচেতন ৰাইজে সঘনাই ফোনযোগে জনাই থকাৰ মাজতেই আজি পুৱাৰ ভাগত বনাঞ্চলিক বিষয়া শিৱাশীষ শাণ্ডিল্যৰ নেতৃত্বত এটা দলে এক অতৰ্কিত অভিযান চলায় আৰু দেওশীলা নৈৰ পৰা বালিভৰ্ত্তি কৰি যাব লোৱাৰ পৰত বালিৰ বোজাইসহ এএছ২৫-এফচি-০১৪৩ নম্বৰৰ ট্ৰেক্টৰ এখন জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ দলটিয়ে বালিভৰ্ত্তি ট্ৰেক্টৰখন বনাঞ্চলিক কাৰ্যালয়লৈ নিয়াৰ দিহা কৰে। বন বিভাগৰ আজিৰ এই অভিযানৰ সফলতাৰ শলাগ লৈ ৰাইজে আগলৈও বন বিভাগৰ তৎপৰতাৰ দাবী জনায়।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস