নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰাত যোৱানিশা বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ মূল সাংস্কৃতিক অনুষ্ঠানত মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰি থকাৰ মাজতে বালিপৰাৰ কেইবাটাও স্থানত সংঘটিত পথ দুৰ্ঘটনাত পাঁচজনকৈ যুৱক নিহত হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে । ঘটনাৰ বিৱৰণী অনুসৰি, যোৱানিশা ১:৩০ মান বজাত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জুবিনৰ সংগীতানুষ্ঠান অব্যাহত থকাৰ সময়ত অনুষ্ঠান চাবলৈ অহা কেইবাজনো যুৱক বালিপৰাৰ বিভিন্ন স্থানত দুৰ্ঘটনাত পতিত হয় । প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় বালিপৰা-চাৰিদুৱাৰ পথত । এখন মটৰচাইকেলত অহা তিনিজন যুৱকক মহটিয়াই নিয়ে কোনো অচিনাক্ত বাহনে। ফলত ঘটনাটোত তিনিওজন যুৱকৰ মৃত্যু ঘটে । আনহাতে, বালিপৰাৰ দীঘলীবস্তিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অতিমাত্ৰা বেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই এখন মটৰচাইকেল পথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰে । ফলত মটৰচাইকেলখনত থকা দুজনকৈ যুৱকৰ মৃত্যু ঘটে । দুয়োটা পথ দুৰ্ঘটনাত নিহত যুৱকসকল ক্ৰমে গুদামঘাটৰ কাচেম আলী, ৰ’জ ইছলাম, দক্ষিণ আমলগাৰ দেৱজিৎ বসুমতাৰী, কটন মিলৰ চাংফাৰ বসুমতাৰী আৰু ঢেকেৰীগাঁৱৰ বিপুল দাস । ইতিমধ্যে তিনিজন যুৱকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আজি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও বাতৰি লিখা সময়লৈকে দুজন যুৱকৰ মৃতদেহ চাৰিদুৱাৰ আৰক্ষী থানাতেই ৰখা হৈছে ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম