🔹 লোকসংস্কৃতিৰ সাধক ৰহেন্দ্র নাথ ব্রহ্মক প্রতিমা বৰুৱা পাণ্ডে বঁটা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ডিচেম্বৰ : নীৰৱ সাধনাৰে লোককৃষ্টিৰ ক্ষেত্রখনলৈ অনবদ্য অৱদান আগবঢ়োৱা লোকশিল্পী ৰহেন্দ্র নাথ ব্রহ্মক আজি প্রতিমা বৰুৱা পাণ্ডে বঁটা প্রদান কৰা হয়৷ চানমাৰিস্থিত প্রতিমা বৰুৱা পাণ্ডেৰ প্রতিমূর্তিস্থলীত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উত্তৰ–পূর্বাঞ্চল ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সদৌ অসম ছাত্র (আছু)ৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছাত্র সংগঠনটোৰ হৈ ব্রহ্মক বঁটা প্রদান কৰে৷ এই বঁটাত আছে গামোচা, চেলেং চাদৰ, শৰাই আৰু নগদ ধন৷ বঁটা গ্রহণ কৰি দিয়া ভাষণত লোকসংস্কৃতিৰ সাধক তথা বড়ো জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰি অহা ব্রহ্মই কয় যে গোৱালপাৰীয়া লোকগীতৰ সম্রাজ্ঞীৰ নামত প্রদান কৰা বঁটা গ্রহণ কৰি তেওঁ আপ্লুত৷ এনে ধৰণৰ বঁটা লাভ কৰিব বুলি তেওঁ কেতিয়াও ভবা নাছিল বুলি উল্লেখ কৰি ব্রহ্মই কয়– ‘মোৰ সপোন সপোন যেন লাগিছে, কিন্তু কথাটো দিঠক৷ মোৰ দৰে ভিতৰুৱা অঞ্চলত লোকসংস্কৃতিৰ কাম কৰি থকা মানুহ এজনক সদৌ অসম ছাত্র সন্থাই বিচাৰি উলিয়াই সন্মান যচাত আনন্দিত হৈছোঁ৷ প্রতিমা বৰুৱা পাণ্ডেক মই কেইবাবাৰো লগ পাইছিলোঁ৷ আজি তেওঁৰ নামত বঁটা লাভ কৰিছোঁ৷ বাইদেউৰ পৰা আশীর্বাদ বিচাৰিছোঁ। তেওঁলৈ শ্রদ্ধাঞ্জলি জনাইছোঁ৷’ বঁটা লাভ কৰি কৃতজ্ঞতা জনাবলৈ তেওঁ ভাষাহীন বুলি উল্লেখ কৰি বড়োৱে কয় যে লোকসংস্কৃতিৰ সাধনা কৰি তেওঁ স্বাৱলম্বী হ’ব পৰা নাই৷ তথাপি বড়ো সংস্কৃতিক আগুৱাই নিবলৈ কাম কৰি তেওঁ আনন্দ লাভ কৰে৷ আৰু সেই আনন্দৰ বাবে তেওঁ জীয়াই আছে৷ ইফালে, অনুষ্ঠানত ভাষণ প্রদান কৰি উত্তৰ–পূর্বাঞ্চল ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে লোকসংস্কৃতিৰ সাধকসকলৰ সৃষ্টিৰাজি আগুৱাই নিবলৈ চৰকাৰে বিশেষ পেকেজ ঘোষণা কৰিব লাগে৷ প্রতিমা বৰুৱা পাণ্ডেৰ নামত গৱেষণা প্রতিষ্ঠান স্থাপন কৰিব লাগে বুলি উল্লেখ কৰি ড০ ভট্টাচার্যই কয়– ‘প্রত্যেক বছৰে লোকসংস্কৃতিৰ পথাৰখনক জীপাল কৰি ৰখা ব্যক্তিসকলক আমি প্রতিমা বৰুৱা পাণ্ডে বঁটা প্রদান কৰি আহিছোঁ৷ নীৰৱে সাধনা কৰি অহা এইসকল ব্যক্তিক যাতে আমি জীৱিত কালতে সন্মান প্রদান কৰিব পাৰোঁ, তাৰ বাবে এনেদৰে আছুৱে বঁটা প্রদান কৰি আহিছে৷ যাতে তেওঁলোকে অধিক উৎসাহেৰে লোকসংস্কৃতিৰ সাধনা কৰি যাব পাৰে৷ তেনে এক পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে আমি এই বঁটা প্রদান কৰি আহিছোঁ৷’ আনহাতে, গোৱালপাৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ গোৱালপাৰাত থকা মাটিয়াবাগৰ ঘৰটো সংৰক্ষণ কৰাৰ ক্ষেত্রত চৰকাৰে প্রদর্শন কৰা অৱহেলাক তীব্র ভাষাৰে ড০ ভট্টাচার্যই সমালোচনা কৰে৷ ভাষণ প্রসংগত তেওঁ কয়– ‘প্রতিমা বৰুৱা পাণ্ডেৰ মাটিয়াবাগৰ ঘৰটো সংৰক্ষণ কৰিব লাগে৷ চৰকাৰে ঘৰটো গ্রহণ কৰিলে৷ কিন্তু ইয়াৰ সংৰক্ষণৰ কাম কেতিয়া সম্পূর্ণ হ’ব৷ কিমান দিনৰ ভিতৰত তেওঁৰ এই বাসগৃহটোৰ সংৰক্ষণৰ কাম সম্পূর্ণ কৰিব তথা সংগ্রহালয় হিচাপে নির্মাণ কৰিব, সেয়া চৰকাৰে ৰাজহুৱা কৰিব লাগে৷’ অনুষ্ঠানত ভাষণ প্রদান কৰি আছুৰ সভাপতি উৎপল শর্মাই কয় যে প্রতিমা বৰুৱা পাণ্ডেৰ সম্পদ আৰু সৃষ্টিৰাজি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিব লাগে৷ মাটিয়াবাগৰ ঘৰটো সাংস্কৃতিক গৱেষণাগাৰ হিচাপে কিমান দিনৰ ভিতৰত চৰকাৰে গঢ়ি তুলিব, সেয়া ঘোষণা কৰিব লাগে৷ অসমৰ সাংস্কৃতিক জগতলৈ প্রতিমা বৰুৱা পাণ্ডেৰ অৱদানৰ বিষয়ে স্মৰণ কৰি আছুৰ সভাপতি শর্মাই কয় যে প্রতিমা বৰুৱা পাণ্ডেই গোৱালপাৰীয়া লোকসংগীতৰ ধাৰাটোক কেৱল প্রচাৰ আৰু প্রসাৰ কৰা নাছিল, বৰঞ্চ গোৱালপাৰীয়া লোকসংগীতক উদ্ধাৰ কৰি তেওঁ ইয়াৰ প্রচাৰ আৰু প্রসাৰ কৰিছিল৷ সংগীতৰ মূল ধাৰাটোৰ সৈতে গোৱালপাৰীয়া লোকগীতক সংপৃক্ত কৰিবলৈ তেওঁ যথেষ্ট কষ্ট কৰিছিল৷ ৰাজবংশীয় ভাষাৰ সংৰক্ষণৰ ক্ষেত্রত প্রতিমা বৰুৱা পাণ্ডেৰ অৱদান অনস্বীকার্য৷ আনহাতে, বঁটা প্রদান অনুষ্ঠানত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ভাষণ প্রদান কৰি গোৱালপাৰীয়া লোকগীতৰ সম্রাজ্ঞীগৰাকীৰ সৃষ্টিৰাজি সংৰক্ষণৰ ক্ষেত্রত চৰকাৰে প্রদর্শন কৰা অৱহেলাৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ তেওঁ কয়– ‘প্রতিমা বৰুৱা পাণ্ডেৰ সৃষ্টিৰাজি পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে সংৰক্ষণ হ’ব লাগে৷ চৰকাৰে ১৫.২০ কোটি টকাৰে মাটিয়াবাগৰ ঘৰটো ক্রয় কৰিলে৷ কিন্তু তেওঁৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিবলৈ চৰকাৰৰ কোনো ভ্রূক্ষেপ নাই৷ এই ক্ষেত্রত চৰকাৰে কোনো পদক্ষেপ লোৱা নাই৷ প্রতিমা বৰুৱা পাণ্ডেৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিবলৈ পদক্ষেপ গ্রহণ কৰিলে হিতাধিকাৰীৰ সৃষ্টি নহয়৷ যাৰ বাবে চৰকাৰে এই কাম নকৰে৷ এই কামত চৰকাৰৰ মুনাফা নাই৷ কিন্তু আমি চৰকাৰক জনাব বিচাৰোঁ- তেওঁলোকে প্রথমে জাতিটোৰ কথা ভাবক৷ তাৰ পাছত গাদীৰ কথা চিন্তা কৰক৷ এটা জাতি মূৰ দাঙি জীয়াই থাকিবলৈ হ’লে মেৰুদণ্ড পোন হৈ থাকিব লাগিব৷ হিতাধিকাৰী সৃষ্টিৰে নহয়, লোকসংস্কৃতিৰেহে জাতি এটাৰ মেৰুদণ্ড পোন হৈ থাকিব৷ যদি আপোনালোকে প্রতিমা বৰুৱা পাণ্ডেৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব নোৱাৰে, তেতিয়াহ’লে এই দায়িত্ব আমাক দিয়ক৷ ৰাইজৰ সহযোগত প্রতিমা বৰুৱা পাণ্ডেৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিবলৈ আছু সদায় প্রস্তুত৷’ উল্লেখ্য যে প্রতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবার্ষিকীত প্রতি বছৰে আছুৱে এই বঁটা প্রদান কৰি আহিছে৷ আজি বঁটা প্রদান কৰাৰ পূর্বে আছু নেতৃত্বৰ লগতে উপস্থিত বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে প্রতিমা বৰুৱা পাণ্ডেৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুষ্ঠানত বিশিষ্ট শিল্পী ছন্দশ্রী চক্রৱর্তীয়ে গোৱালপাৰীয়া লোকগীত পৰিৱেশন কৰে৷