নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিভৃত আলাপ : তথাপিও আশা

কৰবী ডেকা হাজৰিকা

এটা বছৰক পুৰণি হ’ল বুলি যেনে-তেনে বিদায় দি অসমবাসীয়ে সকাহ পাব বুলি আশা কৰিছে৷ হয়তো নতুন বছৰটো অলপ ফৰকাল হ’ব, সেয়ে আশা৷ সমগ্ৰ পৃথিৱীতে এই আশাই বিজুলীৰ দৰে চিকমিকাই ফুৰে৷ সৎ বা অসৎ, চহকী বা দৰিদ্র, নিমাখিত প্রজা বা মদমত্ত ৰজা সকলোৰে ভিতৰত থকা সকলোতকৈ মূল্যৱান সম্পদ হ’ল আশা৷ সেয়েহে সচেতনে অনুভৱ কৰকেই বা নকৰকেই সৎ লোকে আশা কৰিছে সবাৰে মংগল হওক, অসৎজনৰ বাবে নিজৰ মংগল আৰু আনৰ অমংগল প্রায় সমার্থক, গতিকে তেনে লোকৰ আশাৰ প্রকৃতি বুজা নাযায়৷ সাধাৰণ প্রজাৰ বাবে দেশৰ আৰু দহৰ কুশল কামনাই প্রধান আশা, লগতে হয়তো নিতান্ত ব্যক্তিগত দুই-এটা সপোন পূৰণৰো আশা থাকে৷ ৰজাঘৰীয়াৰ আশা অথবা আকাংক্ষাৰ বিষয়ে সমশ্রেণীৰ সৰু গোট এটাৰহে ধাৰণা থাকে৷ বেলেগৰ সেই আকাংক্ষাৰ স্বৰূপ বুজাৰ সাধ্য নাথাকে৷ বিশালসংখ্যক মানুহৰ বাবে ৰজাৰ ইচ্ছাই হ’ল আইন৷ সেই আইন হ’ল বহুতৰ আশাৰ চাকিটিত ছটিয়াই দিয়া এটোপাল চেঁচা পানীৰ দৰে, নিমিষতে যি নুমুৱাব পাৰে সপোনৰ শিখা৷ আহিবলগীয়া নতুন বছৰত ৰজাৰ নহয়, প্রজাৰ ইচ্ছাই আইন হওক বুলি বহুতে হয়তো মনে মনে কামনা কৰিছে৷ অলীক বুলি জানিও কিছুমান কথা কামনা কৰি ভাল লাগে৷ সেয়েহে নতুন বছৰৰ বাবে সর্বশ্রেণীৰ মানুহৰ কামনা-বাসনাৰ অন্ত নাই৷

ভাবি চালে নতুন বছৰৰ ধাৰণাটোৱেই অবান্তৰ৷ বিশাল কালৰ বুকুৰ পৰা বুটলি অনা এমুঠি সময়ক মানুহে মাজে মাজে দাৰি, কমা দি মাহ, বছৰ আদিৰ নামেৰে সজাই লৈছে৷ প্রকৃততে সময় অনাদি আৰু অনন্ত৷ সেহ সময়ৰ বুকুৰ পৰা নতুন বছৰ, পুৰণি বছৰ আদিৰ নাম দি মানুহে নিজৰ কর্মজীৱনৰ সুবিধা কৰি লৈছে বাবেহ নতুন বছৰত ইমান আশা আশা আছে বাবেই সংসাৰখনো তিষ্ঠি আছে৷ নদীৰ দৰে প্রৱাহিত হৈ থকা কালৰ অনন্ত গতিত মানুহৰ জীৱন খেৰ-কুটাৰ দৰে ভাহি যায়৷ সেই ক্ষুদ্র জীৱনত পদে পদে কামনা, লোভ, আশা আৰু আশাভংগ, হতাশা, বিষাদ আদি নানা অনুভৱে ঢ়ৌৰ সৃষ্টি কৰে৷ নামঘোষাত থকা ‘ক্ষুদ্র সুখে বহু আশা কৰি, ভৱকূপে জীৱ আছে পৰি’ৰ দৰেই মানুহৰ অৱস্থা৷ সামান্য আৰু নগণ্য প্রাপ্তিৰ বাবেহ মানুহৰ হাহাকাৰৰ শেষ নাই৷ হেম বৰুৱাই কোৱাৰ দৰে ৰজাই ৰজাই ৰণ-বিগ্রহ কৰে ক্ষমতাৰ লোভত, এমুঠি মাটিৰ বাবে ভায়ে ভায়ে সংগ্রাম কৰে৷ দুহ ৰজাৰ ৰণত পৰি মাজত থকা নিমাখিত প্রজাৰ ধন-জন-সপোন ধূলিসাৎ হৈ যায়, ঠিক যেনেদৰে অগ্নি দেৱতাৰ অসুখ নিৰাময়ৰ বাবে কৃষার্জুনৰ খাণ্ডৱ বন দাহত নিৰপৰাধ প্রাণীসমূহ বিনাদোষতে পুৰি মৰিছিল৷ সর্বকালৰ সকলো ক্ষণতে নিৰীহ জনসাধাৰণ এনে বিপদৰ আঘাতত ম্রিয়মাণ হৈ থাকে৷ ভিতৰৰ বেদনা, ক্ষোভ আৰু আতংক কমাবৰ বাবে মনত লৈ থাকে ভৱিষ্যতে কিবা এটা শুভ হোৱাৰ সপোন৷ এহ সপোনেই হ’ল আশা৷ মানুহে পাহৰিবলৈ বিচাৰে ভিতৰৰ ব্যর্থতা আৰু হতাশা৷ মলিয়ন কাপোৰৰ দৰে বেয়া দিনবোৰ দলিয়াই দি নতুন ফুলাম সাজ পিন্ধিবলৈ উত্রাৱল হৈ থকা মানুহে অনাগত দিনলৈ হেঁপাহেৰে বাট চায়৷ সেয়েহে কর্মসূচীৰ সুবিধাৰ বাবে মানি লোৱা নতুন বছৰ এটা অহাৰ সময়ত পাৰ হৈ যোৱা দুখ-বিষাদবোৰ আকৌ নাহিবলৈ মনে-প্রাণে কামনা কৰি ‘নতুন বছৰ সুখৰ হওক’ বুলি ইজনে সিজনক শুভকামনা জনায়৷ এই শুভকামনা হ’ল নিৰুপায় মানুহৰ অৱচেতনত লুকাই থকা সংশয় আৰু হতাশা পাহৰি থকাৰ এটা মসৃণ আৱৰণ৷ আনক জনোৱা শুভকামনা হ’ল নিজৰ কামনা পূৰণৰ বাবে থকা হেঁপাহৰ বহিঃপ্রকাশ৷ কেতিয়াবা আন্তৰিক আৰু কেতিয়াবা যান্ত্রিকভাৱে ওলাই অহা এই শুভেচ্ছাবাণীৰ মাজত মানুহৰ ভাতৃত্ববোধে বিস্তাৰ লাভ কৰে৷ এনেকৈয়ে বৃদ্ধি পায় সম্প্রীতিৰ বাতাৱৰণ৷ মংগল চিন্তাৰ যোগেদি সজীৱ হৈ পৰা মনেৰে নতুন বছৰত সকলোৱে অনুভৱ কৰে নতুন আশা৷ অশান্তি আৰু অস্থিৰতাৰে ভৰা সাম্প্রতিক সময়ত এহ আশাৰ মূল্যও বৰ বেছি৷ আমিও আশা কৰিছোঁ, নতুন বছৰ সকলোৰে বাবে শুভ আৰু মংগলময় হওক৷

ফোনঃ ৯৪৩৫১-৩১৮৪৮

You might also like