নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নৱবর্ষত ক্রীড়াৰ প্রত্যাশা

চাওঁতে চাওঁতে ২০২৩ বর্ষটোৱে মেলানি মাগিলে৷ ইয়াৰ লগে লগে নতুন প্রত্যাশাৰে আৰম্ভ হৈছে নৱবর্ষ ২০২৪৷ বিশ্বৰ বিভিন্ন প্রান্তত অসংখ্য ঘটনা–পৰিঘটনাই বিগত বছৰটো স্মৰণীয় কৰি তুলিলে৷ ইয়াৰ সমান্তৰালভাৱে বিশ্ব ক্রীড়াংগনৰ বাবেও এই বছৰটো হৈ ৰ’ব উল্লেখনীয়৷ ব্যতিক্রম হোৱা নাই অসমৰ ক্রীড়াজগতো৷ বিগত বর্ষত অসমৰ বহুকেইগৰাকী তাৰকা ক্রীড়াবিদে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে৷ এই ক্রীড়াবিদসকলৰ ভিতৰত অন্যতম হৈছে বক্সাৰ লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো, শিৱ থাপা, লন বলাৰ নয়নমণি শইকীয়া, সাঁতোৰবিদ আস্থা চৌধুৰী, শিৱাংগী শর্মা, আর্চাৰ জয়ন্ত তালুকদাৰ, হিমানী বড়ো, শ্বাটলাৰ অস্মিতা চলিহা, ঈষাৰাণী বৰুৱা, ভাৰোত্তোলক পপী হাজৰিকা, দিতিমণি সোণোৱাল আদি৷ ২০২৩ বর্ষত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াৰ জৰিয়তে অসমৰ ক্রীড়াবিদসকলে নতুন সম্ভাৱনাৰ সৃষ্টি কৰে৷ এইবাৰ ৰাষ্ট্রীয় ক্রীড়াত অসমে শীর্ষ ১০খন দেশৰ মাজত স্থান অর্জন কৰাটো নিশ্চিতভাৱে ৰাজ্যৰ ক্রীড়াংগনৰ বাবে আশাৰ বতৰা৷ ৰাষ্ট্রীয় ক্রীড়াৰ সাঁতোৰত আস্থা চৌধুৰীৰ জৰিয়তে একমাত্র সোণৰ পদকটো লাভ কৰে৷ তেওঁ মুঠ তিনিটা পদক লাভ কৰাৰ উপৰি শিৱাংগী শর্মা, জাহ্ণৱী কাশ্যপ, শুভ্রশিনী প্রিয়দর্শিনীয়ে ৰাজ্যবাসীক পদক উপহাৰ দিয়ে৷ প্রতিযোগিতাখনত লন বলত ৫টা স্বর্ণ পদক দখলেৰে ইতিহাস সৃষ্টি কৰে নয়নমণি, বনগীতা হাজৰিকা, তানিয়া চৌধুৰী, অনন্যা শইকীয়া, জিনা বৰুৱা আৰু অবিনীতা কাকতিয়ে৷ গোৱাত বক্সিঙত উজলি উঠে অংকুশিতা, ফাইলু বসুমতাৰী আৰু কাম্পি বড়ো৷ গোৱা ৰাষ্ট্রীয় ক্রীড়াত প্রথমবাৰৰ বাবে অন্তর্ভুক্ত কালাৰিয়াপায়াট্টু নামৰ নতুন খেলবিধত অসমে মুঠ ৭টা পদক অর্জনেৰে দৃষ্টি আকর্ষণ কৰে৷ ৰাষ্ট্রীয় গেমছত অংশগ্রহণৰ পৰা বিৰত থাকিলেও তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্রথমবাৰৰ বাবে স্বর্ণজয় কৰি ইতিহাস সৃষ্টি কৰে৷ টকি’ অলিম্পিকৰ ব্রঞ্জৰ পদক বিজয়ী লাভলীনাই প্রতিযোগিতাখনৰ ফাইনেলত অষ্ট্রেলিয়াৰ কেটলিন পার্কাৰক হৰুৱাই দখল কৰে সোণৰ পদক৷

আনহাতে, চীনৰ হাংজৌত অনুষ্ঠিত এছিয়ান গেমছতো ভাৰতক প্রতিনিধিত্ব কৰি তেওঁ জয় কৰে ৰূপৰ পদক৷ ৰাজ্যখনৰ আনগৰাকী তাৰকা পুৰুষ বক্সাৰ শিৱ থাপাই শ্বিলঙত অনুষ্ঠিত বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে৷ ২০২৩ বর্ষত শিৱই বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছতো ভাৰতীয় দলক প্রতিনিধিত্ব কৰাৰ গৌৰৱ অর্জন কৰে৷ ইপিনে, সাঁতোৰত নতুন সম্ভাৱনা দেখুৱাইছে আস্থা চৌধুৰীয়ে৷ ৰাষ্ট্রীয় গেমছত স্বর্ণসহ ৩টা পদক অর্জন কৰাৰ পিছত আস্থাই ৭৬সংখ্যক ৰাষ্ট্রীয় সাঁতোৰ প্রতিযোগিতাত ২০০ মিটাৰ বাটাৰফ্লাইত আঁজুৰি আনে পদক৷ গোৱা ৰাষ্ট্রীয় ক্রীড়াত এইবাৰ অসমৰ আর্চাৰী দলটোৱে শ্রেষ্ঠ দলৰ সন্মান অর্জন কৰে৷ এই দলটোক নেতৃত্ব দিয়ে অর্জুন বঁটা বিজয়ী আর্চাৰ জয়ন্ত তালুকদাৰে৷ বিশ্ব আর্চাৰী প্রতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা জয়ন্তক ভাৰতীয় আর্চাৰী সন্থাই বিশেষভাৱে সম্বর্ধনা জনায়৷ কাৰণ এইবছৰৰ মে’ত অনুষ্ঠিত বিশ্বকাপ আর্চাৰীত তেওঁ দখল কৰে সোণৰ পদক৷ মন কৰিবলগীয়া যে বিশ্বকাপ আর্চাৰীত স্বর্ণজয় কৰা জয়ন্তই হৈছে প্রথমগৰাকী ভাৰতীয় আর্চাৰ৷ ভাৰতৰ দ্রুততম মানৱ তথা অসমৰ দুৰন্ত দৌৰবিদ অম্লান বৰগোহাঁয়ে এইবাৰ এছিয়াম গেমছত ভাৰতীয় দলক প্রতিনিধিত্ব কৰে৷ অৱশ্যে ২০০ মিটাৰ দৌৰত তেওঁ ষষ্ঠ স্থানহে লাভ কৰে৷ যোৱা বছৰ ৰাষ্ট্রীয় অভিলেখ ভংগ কৰা সময় (২০.৫২ ছেকেণ্ড) দিব পাৰিলেও এছিয়ান গেমছৰ ২০০ মিটাৰত পদক জয় কৰা তেওঁ প্রথমগৰাকী দৌৰবিদ হোৱাৰ সন্মান লাভ কৰিলেহেঁতেন৷ ইপিনে, ৰাষ্ট্রীয় ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অম্লানে ২০০ মিটাৰ দৌৰত ২০.৭১ ছেকেণ্ডেৰে নতুন অভিলেখ প্রতিষ্ঠাৰে আশাৰ সঞ্চাৰ কৰিছে৷ অসমৰ মহিলা সাঁতোৰবিদ শিৱাংগী শর্মায়ো এইবাৰ এছিয়ান গেমছত ভাৰতীয় দলক প্রতিনিধিত্ব কৰি ৰাজ্যৰ সাঁতোৰ ক্ষেত্রখনলৈ নতুন গৌৰৱ কঢ়িয়াই আনিছে৷ অসমৰ তাৰকা ক্রিকেটাৰ ৰিয়ান পৰাগেও বিগত বছৰটো স্মৰণীয় কৰি তুলিছে৷ মুস্তাক আলী ক্রিকেটত তেওঁ একেৰাহে ৭খন মেচত ৭টা অর্ধশতৰান কৰি বিশ্ব অভিলেখ প্রতিষ্ঠা কৰিছে৷ তেওঁৰ দমনীয় প্রদর্শনৰ বাবেই অসমে এইবাৰ প্রতিযোগিতাখনৰ ছেমিফাইনেল খেলাৰ যোগ্যতা অর্জন কৰে৷ তদুপৰি এইবছৰৰ আইপিএলৰ বাবে ৰিয়ানক পুনৰ দলত ৰাখিছে ৰাজস্থান ৰয়েলছে৷ ২০২৩ বর্ষটোত অসম চৰকাৰে আয়োজন কৰা ‘খেল মহাৰণ’ আছিল ৰাজ্যৰ ক্রীড়াক্ষেত্রৰ অন্যতম উল্লেখনীয় পদক্ষেপ৷ এইবছৰৰ ১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা এই প্রতিযোগিতাখনৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্রান্তত লুকাই থকা প্রতিভাসমূহ বিচাৰি উলিয়াই, সেইবোৰৰ উপযুক্ত সংৰক্ষণ আৰু উন্নত প্রশিক্ষণৰ বাবে পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰৰ ক্রীড়া বিভাগে৷

You might also like