নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত দলিতক আতিশয্যৰ ভিডিঅ’ মুকলি

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ তিনিজন দলিত সম্প্রদায়ৰ লোকক পাঁচটা গাধ চুৰিৰ অভিযোগত ৰাজস্থানৰ জয়ছালমেৰৰ ৰামা গাঁৱত এদল উন্মত্ত লোকে নৃশংস আতিশয্য চলোৱা ঘটনাৰ ভিডিঅ’ই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ পিছত আৰক্ষীয়ে এজন লোকক গ্রেপ্তাৰ কৰিছে৷ জয়ছালমেৰৰ আৰক্ষী অধীক্ষক কিৰণ কাঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি তিনিওজন লোকক আতিশয্য চলাইছিল ১৬জনীয়া দুর্বৃত্তৰ দলে৷ বাকী অভিযুক্তসকলক গ্রেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

উল্লেখনীয় যে বার্মেৰ আৰু নাগাপুৰত দলিত সম্প্রদায়ৰ লোকক আতিশয্য চলোৱাৰ অনুৰূপ ভিডিঅ’ অলপতে সংবাদ মাধ্যমত মুকলি হৈছে৷ আৰক্ষীয়ে তদন্ত চলাই লাভ কৰা তথ্য অনুসৰি যোৱা ১৫ ফেব্রুৱাৰীতে এই ভিডিঅ’ গ্রহণ কৰা হৈছে৷ আতিশয্যৰ বলি হোৱা তিনিওজন লোকক গেনা ৰাম, মুলা ৰাম আৰু সুমেৰা ৰাম বুলি চিনাক্ত কৰা হৈছে৷

You might also like