নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচিত উজলিল আনন্দৰাম বৰুৱা একাডেমীৰ ৯গৰাকী প্ৰাক্তন শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : অসম লোকসেৱা আয়োগে কালি ঘোষণা কৰা ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলত পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ ৯গৰাকীকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে এগৰাকী সহকাৰী অধ্যাপকে ৰাজপত্ৰিত বিষয়া হিচাপে নিৰ্বাচিত হোৱাৰ খবৰে শিক্ষানুষ্ঠানখনলৈ আনন্দ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে গুণগত মানসম্পন্ন শিক্ষাদান কৰি শিক্ষানুষ্ঠানখনে প্ৰতি বছৰে চূড়ান্ত পৰীক্ষাসমূহত শীৰ্ষস্থান দখল কৰি আহিছে৷ পূৰ্বেও বহুকেইগৰাকী প্ৰাক্তন শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰাৰ পিছত এইবেলি শিক্ষানুষ্ঠানখনৰ ৯গৰাকী প্ৰাক্তন শিক্ষাৰ্থী ক্ৰমে জামানুৰ ইছলাম (অসম অসামৰিক সেৱা), জ্যোতিৰূপা নাথ (অসম আৰক্ষী সেৱা), হীৰক বৰ্মন (সহকাৰী হিচাপ বিষয়া), ভাস্কৰ কলিতা (কৰ পৰিদৰ্শক), অনুপম তালুকদাৰ (সহকাৰী গাণনিক বিষয়া), যুগস্মিতা কাকতি (সহকাৰী গাণনিক বিষয়া), টুটু ৰাণী মোছাহাৰী (সহকাৰী গাণনিক বিষয়া), অমিত জ্যোতি ডেকা (সহকাৰী গাণনিক বিষয়া) আৰু সুদীপ সাহা (অসম বিত্ত সেৱা)ৰ লগতে শিক্ষানুষ্ঠানখনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক উৎপল ডেকা (আবকাৰী পৰিদৰ্শক) নিৰ্বাচিত হৈছে৷ স্মৰ্তব্য যে যোৱা বছৰো একেখন শিক্ষানুষ্ঠানৰ কেইবাগৰাকী প্ৰাক্তন শিক্ষাৰ্থী ৰাজপত্ৰিত বিষয়া হিচাপে নিৰ্বাচিত হৈছিল আৰু ইয়াৰ ভিতৰত বিজিত পাঠকে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ প্ৰাক্তন শিক্ষাৰ্থী আৰু সহকৰ্মীৰ এই উৎসাহজনক ফলাফলত আনন্দ প্ৰকাশ কৰি আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড৹ ৰণজিৎ ডেকা, ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মন সমন্বিতে অধ্যাপক-আধ্যাপিকাসকলে আটাইকেইগৰাকী কীৰ্তিমানকে আন্তৰিক অভিনন্দন জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like