নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ টাই, মেলানিয়াৰ পোছাকক লৈ টুইটাৰত চর্চা

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ দুদিনীয়া কার্যসূচীৰে ভাৰতলৈ অহা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু তেওঁৰ পত্নী তথা ফার্ষ্ট লেডী মেলানিয়া ট্রাম্পে আহমেদাবাদৰ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগেই কোটি কোটি ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈছিল বিশেষ অতিথি দুগৰাকীৰ ওপৰত৷

প্রথমে সকলোৰে চকুত পৰা দিশটো আছিল ট্রাম্পৰ এডাল হালধীয়া ৰঙৰ টাই আৰু মেলানিয়া ট্রাম্পে কঁকালত মেৰিয়াই লোৱা সেউজীয়া কাপোৰৰ টুকুৰাটোৰে সৈতে বগা ছ্যুটযোৰ৷ ট্রাম্প দম্পতীৰ এই বিশেষ পোছাকক লৈ মুহূর্ততে চর্চা আৰম্ভ হ’ল ছ’চিয়েল মিডিয়াত৷ এজনে টুইটাৰত লিখিয়েই পেলালে যে ফার্ষ্ট লেডীৰ পোছাকযোৰ দেখি তেওঁৰ কাৰাটে খেলুৱৈলৈ মনত পৰি গ’ল৷ ধেমেলীয়া সুৰত তেওঁ লিখিলে– ‘সুযোগ সন্ধানী ভাৰতীয় পুৰুষৰ মুখামুখি হ’লে আত্মৰক্ষাৰ বাবে সঠিক পোছাক পৰিধান কৰি আহিছে৷’

উল্লেখ্য যে ২০১৭ চনত ছৌদি আৰবলৈ যাওঁতে মেলানিয়া ট্রাম্পে এনে পোছাক পৰিধান কৰিছিল৷ আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বাহৰুখ খান আৰু ছলমান খানে ছুপাৰহিট ছবি কৰণ–র্জুনত পিন্ধা পোছাকৰ সৈতে মেলানিয়া ট্রাম্পৰ পোছাকৰ তুলনা কৰিলে৷ উল্লেখ্য যে বিদেশলৈ যোৱাৰ সময়ত আমেৰিকাৰ ফার্ষ্ট লেডীয়ে পৰিধান কৰে বিশেষ পোছাক৷ ইয়াৰ পূর্বে প্রাক্তন ফার্ষ্ট লেডী মিচেল অ’বামা ভাৰতলৈ আহোঁতেও পৰিধান কৰিছিল ভাৰতীয় ডিজাইনাৰৰ পোছাক৷ আজি ভাৰতলৈ অহা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ টাইডালক লৈও নানা প্রতিক্রিয়া আৰু উৎসুকতাৰ সৃষ্টি হয়৷ আজি ট্রাম্প দম্পতীৰ সৈতে ভাৰতলৈ আহিছে জী–জোঁৱাই ইভাংকা আৰু কুশ্বনাৰ৷ ইভাংকাই পৰিধান কৰিছিল এসাজ উজ্জ্বল ৰঙৰ ভমকাফুলীয়া সাজ৷

You might also like