নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ক্রমাগত দ্বিতীয়বাৰৰ বাবে দিল্লী বিধানসভাৰ অধ্যক্ষ হিচাপে নির্বাচিত হৈছে আম আদমী পার্টীৰ বিধায়ক ৰাম নিৱাস গোৱেল৷ কালি উপ–মুখ্যমন্ত্রী মনীষ ছিছ’ডিয়াই গোৱেলৰ নাম প্রস্তাৱ কৰাৰ পিছত সর্বসন্মতিক্রমে তেওঁৰ নাম গৃহীত হয়৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কয় যে শাসনাধিষ্ঠিত আৰু বিৰোধী দলৰ সদস্যসকলে সর্বসন্মতিক্রমে অধ্যক্ষ নির্বাচন কৰাটো এটা ভাল লক্ষণ৷