নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়তে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত উত্তাল হৈ আছে দিল্লী। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ উত্তৰ-পূব প্ৰান্তত সোমবাৰে প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰে । কা বিৰোধী আৰু সমৰ্থনকাৰীৰ সংঘৰ্ষত এজন হেড কনিষ্টবলকে ধৰি চাৰিজন লোকে প্ৰাণ হেৰুৱায় । মৌজপুৰ আৰু জাফ্রাবাদ মেট্র’ ৰে’ল ষ্টেচনৰ মাজত আৰক্ষীৰ সৈতে সংঘর্ষত লিপ্ত হয় প্রতিবাদকাৰী৷
ইপিনে আজি পুৱাও এই পৰিস্থিতি শান্ত হোৱা নাই । উত্তৰ-পূব দিল্লীৰ ব্ৰহ্মপুৰী অঞ্চলত আজি পুৱাই দুই দলৰ মাজত পুনৰ শিলাবৰ্ষণৰ ঘটনা সংঘটিত হয় । যাৰ বাবে ৰেপিড এক্সন ফৰ্চে পুৱাৰ পৰা ফ্লেগ মাৰ্চ কৰি পৰিস্থিতি শান্ত কৰাৰ চেষ্টা চলায় ।
Delhi: Police & Rapid Action Force (RAF) personnel hold flag march in Brahampuri area, after stone-pelting incident between two groups in the area, today morning. #NortheastDelhi pic.twitter.com/NkjrSrmBPD
— ANI (@ANI) February 25, 2020
উল্লেখনীয় যে উত্তৰ–পূব দিল্লীত ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আঠটাকৈ চিআৰপিএফ কোম্পানী মোতায়েন কৰিছে ৷