নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশাৰে পৰা সন্ধানহীন চেৰেকাপাৰৰ পংকজৰ মৃতদেহ দিখৌ নৈত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : দিখৌ নদীৰ বুকুত উপঙি থকা এটা মৃতদেহক লৈ শিৱসাগৰত কালি পুৱাৰে পৰা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ দিখৌ নদীৰ শিমলুতলৰ সমীপৰ চেৰেকাপাৰ অঞ্চলত উপঙি থকা মৃতদেহটো উদ্ধাৰ হোৱা এলেকাক লৈ প্ৰায় চাৰি ঘন্টা ধৰি দুখনকৈ আৰক্ষী চকীৰ মাজত চলি থকা অৰিয়াঅৰিৰ মাজতেই শিৱসাগৰ সদৰ আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি শৰ্মাই অতি তৎপৰতাৰে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ নদী খনৰ অতি বিপজ্জনক স্থানত স্থানীয় গাঁওবাসীৰ সৈতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা মৃতদেহটো চেৰেকাপাৰ হাতীমূৰীয়া গাঁও নিৱাসী পৰেশ গগৈৰ পুত্ৰ পংকজ ( ৪২) গগৈৰ বুলি চিনাক্ত কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, পংকজ গগৈ বিগত কিছুদিন ধৰি মানসিক অন্তৰ্দ্বন্ধত ভুগি থাকি পৰহি নিশা হঠাত ঘৰৰ পৰা ওলাই গৈছিল ৷ ইফালে, দিখৌ নদীৰ শিমলুতল অঞ্চলত নদীৰ বাম অংশৰ বালিত ওপৰ মুৱাকৈ এজন যুৱকৰ মৃতদেহ লাগি থকা প্ৰত্যক্ষ কৰি নদীখনৰ চেৰেকাপাৰ অঞ্চলৰ ৰাইজে নিকটৱৰ্তী চেৰেকাপাৰ আৰক্ষীক অৱগত কৰে ৷ একে সময়তে নদীখনৰ বিপৰীত দিশে থকা মেটেকা কুৰুলাকুটীয়া গাঁৱৰ ৰাইজেও জয়সাগৰ আৰক্ষীক অৱগত কৰে ৷ খবৰ পায়েই দুয়োখন আৰক্ষী চকীৰে আৰক্ষীৰ দল নদীৰ পাৰত উপস্থিত হৈ মৃতদেহটো তেওঁলোকৰ থানা এলেকাৰ নহয় বুলি আঁতৰি যায় ৷উপায়হীন স্থানীয় ৰাইজে এই বিষয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক অৱগত কৰাত বিষয়াগৰাকীয়ে সংশ্লিষ্ট দুয়োখন থানাই নিজৰ এলেকাৰ নহয় বুলি অগ্ৰাহ্য কৰা মৃতদেহটো নিজেই উদ্ধাৰ অভিযানত নামি দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ শৰীৰৰ কোনো স্থানতেই কোনোধৰণৰ সন্দেহজনক আঘাতৰ চিন নথকা পংকজৰ কি পৰিস্থিতিত মৃতদেহ দিখৌ নদীৰ বুকুত উদ্ধাৰ হ’ল, সেয়া অদ্যপৰিমিত স্পষ্ট হোৱা নাই ৷ ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাই নিজাববীয়া অনুসন্ধান চলোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like