নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্ত্ৰ লৈ ভাৰতৰ ভূখণ্ডত চীনা সেনা ! পহুখেদা দিলে সাহসী ভাৰতীয় পশুপালকে

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : ভাৰতৰ ভূখণ্ডত অস্ত্ৰ লৈ চীনা সেনা। উক্ত ৰঙা সেনাৰ বিৰুদ্ধে থিয় দিলে সাহসী ভাৰতীয় নাগৰিকে। সম্প্ৰতি চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ জোৱানৰ সৈতে ভেড়াৰখীয়াৰ কাজিয়াৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে । লাডাখত চীনা সৈন্যই ভাৰতীয় নাগৰিকক ভেড়া চৰোৱাত বাধা দিয়াত সাহসী ভাৰতীয় নাগৰিককেইজনে সেয়া ভাৰতৰ ভূখণ্ড বুলি চীনা সেনাক জনায়। বৰঞ্চ চীনা সৈন্যইহে সীমান্ত উলংঘা কৰা বুলি কৈ ভাৰতীয় ভূখণ্ড ত্যাগ কৰিবলৈ চীনা সৈন্যক ধমক দিয়ে। গালৱান সংঘাতৰ পিছৰে পৰা পূব লাডাখত ভেড়া চৰোৱাটো বন্ধ কৰি দিছিল। স্থানীয় বাসিন্দাসকলে সেই অঞ্চললৈ গৈ আকৌ ভেড়া চৰাবলৈ আৰম্ভ কৰিছিল। সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত। অস্ত্ৰধাৰী চীনা সৈন্যই ভেড়া চৰোৱাত বাধা দিয়াত সাহসী ভাৰতীয় পশুপালকসকলে নিজৰ অধিকাৰৰ অৰ্থে ৰঙা সেনাৰ সৈতে তৰ্কাতৰ্কিতো লিপ্ত হয়। আনকি ভাৰতীয় লোকসকলে চীনা সেনাৰ বাহনসমূহলৈ শিলগুটিও নিক্ষেপ কৰে। উদং হাতেৰে সশস্ত্ৰ চীনা সেনাৰ বিৰুদ্ধে থিয় দিয়া ঘটনাক বহুতে প্ৰশংসা কৰিছে। চেল্যুট সীমান্তবাসী।

You might also like