নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত অবৈধ ইটা ভাতাত উচ্ছেদ অভিযান

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মানকাচৰৰ কুচনীমাৰা জোৰডাংগা গাঁও পঞ্চায়তৰ অধীনস্থ কুচনীমাৰা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ গাতে লাগি থকা দুটাকৈ বৃহৎ অবৈধ ইটা ভাতা ভাঙি দিয়া হয়। লক্ষণীয় যে মানকাচৰ ৰাজহ চক্ৰৰ অধীনত দুই শতাধিক ইটা ভাতা আছে যদিও ইয়াৰে গৰিষ্ঠসংখ্যক ইটা ভাতাই চৰকাৰী নীতি-নিয়ম উলংঘা কৰি চলি আছে।

ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ অবৈধ ইটা ভাতাৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰিছিল। কিন্তু সৰহসংখ্যক অবৈধ ইটা ভাতাৰ মালিকে জিলা প্ৰশাসনৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰাত আজি মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তৰ উপস্থিতিত কুচনীমাৰা গাঁৱৰ দুটাকৈ ইটা ভাতা জেচিবি লগাই ভাঙি দিয়ে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like