নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাত ডাম্পাৰৰ খুন্দাত সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ প্ৰাণহানি : আহত কণমানি

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : অভিভাৱকৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এগৰাকী ছাত্ৰীয়ে আজি কৰুণভাৱে মৃত্যুক সাবটি ল’ব লগা হয়। নাজিৰাৰ লক্ষ্মীজান-বিহুবৰ তিনিআলিত আজি দিনৰ প্ৰায় ১ বজাত শিল পৰিবহণ কৰা এখন ডাম্পাৰ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে ঘটনাস্থলীতে কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় । প্ৰীতি পানিকা নামৰ ছাত্ৰীগৰাকীয়ে আন এগৰাকী কণমানিসহ AS-04-1271 নম্বৰৰ স্কুটীৰে বিহুবৰ বাগিচাৰ পৰা মেকিপুৰ দিশে আহি থাকোঁতে বিপৰীত দিশৰ পৰা অহা AS-04 AC-3011 নম্বৰৰ শিল পৰিবহণ কৰা  ডাম্পাৰখনৰ লগত হোৱা মুখামুখি সংঘৰ্ষত ঘটনাস্থলীতে ছাত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ লগতে কণমানিগৰাকী আঘাতপ্ৰাপ্ত হয়৷ ইতিমধ্যে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ কণমানিগৰাকীক চিকিৎসালয়লৈ নিয়াৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
প্ৰেৰক নেকিব আহমেদ
You might also like