নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিশ্ব ৰেডিঅ’ দিৱস : ৰেডিঅ’ৰ মোহত বন্দী নাৰায়ণপুৰৰ ভূপেন দত্ত

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : ৰেডিঅ’প্ৰিয় এজন ব্যক্তিৰ নাম ভূপেন দত্ত। বছৰ বছৰ ধৰি ৰেডিঅ’ৰ মোহত বন্দী লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ গোসাঁইবাৰী শিৱসাগৰীয়া গাঁৱৰ এইগৰাকী ব্যক্তিয়ে আজৰি সময় অতিবাহিত কৰে ৰেডিঅ’টোৰ সৈতে। স্বাস্থ্য, শিক্ষা, ব্যৱসায়-বাণিজ্য, দৈনিক বাতৰি, খেতি-বাতি সম্বন্ধীয়, সংগীত, নাটক- সকলো সামৰি সকলো বয়সৰ লোকৰ এক অনন্য আপোন অনাতাঁৰ যন্ত্ৰবিধেই  হৈছে ৰেডিঅ’। শোৱাপাটীৰ পৰা উঠি ভক্তিগীতকেইটা শেষ হ’লে পঢ়া আৰম্ভ হোৱা সেই শৈশৱৰ সময়বোৰ কিমান সুমধুৰ আছিল, সেয়া শব্দৰে বুজোৱাটো একপ্ৰকাৰ জটিল । পুৱা ভক্তিগীতৰ পৰা আৰম্ভ কৰি আঞ্চলিক বাতৰি, সুৰৰ পানচৈ, সুৰৰ সাতসৰী, যুৱ বাণীকে ধৰি সকলো অনুষ্ঠানেই প্ৰিয় ভূপেন দত্তৰ। পুৱা কামলৈ ওলাই যোৱাৰ আগত আৰু সন্ধিয়া কামৰ পৰা আহি ৰেডিঅ’টো হাতত লৈ প্ৰশান্তি অনুভৱ কৰে তেওঁ। পত্নী আৰু একমাত্ৰ কন্যাসহ আনৰ ঘৰত দিনহাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা ব্যক্তিজনে কিবা কাৰণত মৰমৰ ৰেডিঅ’টো বেয়া হ’লে মনত বৰ কষ্ট পায়। যিকোনো প্ৰকাৰে দিনটোৰ ভিতৰত মৰমৰ ৰেডিঅ’টো মেকানিকৰ ওচৰলৈ নি ভাল কৰি আনে তেওঁ। আজি বিশ্ব ৰেডিঅ’ দিৱসৰ দিনটোতো হাতত ৰেডিঅ’টো লৈ বিভিন্ন অনুষ্ঠান উপভোগ কৰি আছে ৰেডিঅ’প্ৰিয় ব্যক্তিজনে। ভূপেন দত্তৰ ৰেডিঅ’প্ৰেমৰ শলাগ লয় স্থানীয় লোকসকলেও। বৰ্তমান সমাজৰ পৰা হেৰাই যাবলৈ ধৰা বোপা-ককাৰ দিনৰ ৰেডিঅ’টো মৰমেৰে সাবটি ৰখা কাৰ্যক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ লোকসকলে। আজিৰ দিনটো যে ৰেডিঅ’ দিৱস হিচাপে উদযাপন কৰে, সেইটোও নাজানে ভূপেন দত্তই। হ’লেও এই প্ৰতিবেদকে বিশ্ব ৰেডিঅ’ দিৱসৰ শুভেচ্ছা জনোৱাত আনন্দিত ভূপেন দত্ত।
প্ৰেৰক চন্দন শইকীয়া
You might also like