৫ মার্চত ৰঞ্জন দৈমাৰীৰ জামিনৰ ম্যাদ বৃদ্ধিৰ শুনানি
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ উচ্চ ন্যায়ালয়ৰ মজিয়াত আজিও কোনো সকাহ নাপালে এনডিএফবিৰ অধ্যক্ষ অধ্যক্ষ ৰঞ্জন দৈমাৰীয়ে৷ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে দৈমাৰীয়ে দাখিল কৰা আবেদনৰ শুনানি পুনৰ ৫ মার্চলৈ পিছুৱাই দিলে উচ্চ ন্যায়ালয়ে৷ ইয়াৰ লগে লগে ৫ মার্চলৈ দৈমাৰী কাৰাগাৰত থকাটো নিশ্চিত হ’ল৷
উল্লেখ্য যে বড়ো চুক্তিৰ পৰিপ্রেক্ষিতত এমাহৰ বাবে উচ্চ ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰিছিল৷ শেহতীয়াকৈ জামিনৰ ম্যাদ শেষ হোৱাত তেওঁ পুনৰ ম্যাদ বৃদ্ধিৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ কিন্তু ন্যায়ালয়ে প্রথমে দৈমাৰীক আত্মসমর্পণ কৰিবলৈ নির্দেশ দিয়ে৷ এই অনুসৰি তেওঁ আত্মসমর্পণ কৰিছে৷