নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দল গঠনক লৈ অসন্তুষ্টি প্রকাশ কপিল দেৱৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে ৱেলিংটন টেষ্টত টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয়ত তীব্র অসন্তুষ্টি প্রকাশ কৰিছে একালৰ কিংবদন্তি অলৰাউণ্ডাৰ কপিল দেৱে৷ বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে প্রথম টেষ্টত মূল একাদশ গঠনত যথেষ্ট ভুল কৰিছে বুলি উল্লেখ কৰি প্রাক্তন অধিনায়কগৰাকীয়ে আজি কয় যে প্রতিখন মেচতে নতুন নতুন খেলুৱৈক সুযোগ দি থাকিলে দলৰ ভাৰসাম্যতা অটুট নাথাকে৷ ‘প্রথমেই আমি নিউজিলেণ্ডক প্রশংসা কৰিব লাগিব৷ তেওঁলোকে এদিনীয়াৰ পিছত টেষ্ট শৃংখলাতো সুন্দৰ খেল দেখুৱাবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ভাৰতৰ খেলুৱৈ বাছনিৰ ৰণকৌশল মই বুজিব পৰা নাই৷ প্রায় প্রতিখন মেচতে টীম ইণ্ডিয়াই নতুন দলেৰে খেলপথাৰত নামিছে৷ কোনো খেলুৱৈয়ে নিজৰ স্থান নিৰাপদ বুলি অনুভৱ কৰিব নোৱাৰে৷ ইয়ে খেলুৱৈৰ প্রদর্শনত প্রভাৱ পেলায়৷’ কপিলদেৱে এইদৰে কয়৷ উল্লেখ্য যে নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টৰ দুয়োটা ইনিংছত ভাৰতীয় বেটছমেন শোচনীয়ভাৱে ব্যর্থ হয় আৰু এবাৰো ২০০ ৰান সংগ্রহ কৰিব নোৱাৰিলে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা টি–২০ শৃংখলাৰ শ্রেষ্ঠ খেলুৱৈ লোকেশ ৰাহুলক টেষ্ট দলত অন্তর্ভুক্ত নকৰাক লৈও কপিল দেৱে আশ্চর্য প্রকাশ কৰে৷ ‘নিউজিলেণ্ড ভ্রমণত ৰাহুল সুন্দৰ ফর্মত আছিল৷ টি–২০ আৰু এদিনীয়াত তেওঁ চমকপ্রদ বেটিং কৰিছিল৷ কিন্তু এতিয়া তেওঁ দলৰ বাহিৰত বহি আছে৷ তেওঁৰ দৰে ফর্মত থকা বেটছমেন এগৰাকীক খেলোৱা অতি প্রয়োজন আছিল৷’ কপিল দেৱে পুনৰ এইদৰে কয়৷ মন কৰিবলগীয়া যে অ’পেনাৰ ৰোহিত শর্মাৰ অনুপস্থিতিত ভাৰতে পৃথ্বি শ্বক মায়ংক আগৰৱালৰ সৈতে ইনিংছ মুকলিৰ দায়িত্ব দিয়ে, কিন্তু দুয়োটা ইনিংছতে তেওঁ সম্পূর্ণৰূপে ব্যর্থ হয়৷

You might also like