নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজকোট টেষ্টত ইংলেণ্ডৰ বেটিং বিক্ৰম : ডাকেটৰ শতক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ ফেব্ৰুৱাৰীঃ ৰাজকোট টেষ্টৰ দ্বিতীয় দিনৰ খেলৰ অন্ত পৰিছে। দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ইংলেণ্ডৰ স্ক’ৰ ২ উইকেটত ২০৭ ৰান। প্ৰথম ইনিংছৰ ভিত্তিত ইংলেণ্ড ভাৰততকৈ ২৩৮ ৰানত পিছ পৰি আছে। ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰিছিল। আজিৰ খেলখনৰ শেষত ইংলেণ্ডৰ হৈ অপৰাজিত হৈ থাকে অ’পেনাৰ বেন ডাকেট আৰু জো ৰুটে। ১৩৩ ৰান সংগ্ৰহ কৰি খেলি আছে বেন ডাকাটে। আনহাতে জো ৰুটে ৯ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে। ভাৰতৰ হৈ ৰবি অশ্বিন আৰু মহম্মদ ছিৰাজে ১টাকৈ সফলতা লাভ কৰে। ৰবি অশ্বিনে অ’পেনাৰ জেক ক্ৰ’লিক আউট কৰে। ইয়াৰ লগে লগে ৰবি অশ্বিনে টেষ্ট ফৰ্মেটত ৫০০ উইকেটৰ সংখ্যা স্পৰ্শ কৰে। জেক ক্ৰ’লিয়ে ১৫ ৰান কৰে। ৩৯ ৰান সংগ্ৰহ কৰি মহম্মদ ছিৰাজে আউট কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰথম ইনিংছ ৪৪৫ ৰান অন্ত পৰে। দ্বিতীয় দিনা ভাৰতীয় দলটোৱে ৫ উইকেটত ৩২৬ ৰাণত খেল আৰম্ভ কৰে। কিন্তু প্ৰথম দিনাৰ অপৰাজিত বেটছমেন ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱ অতি সোনকালেই পেভিলিয়নলৈ উভতে। কিন্তু ইয়াৰ পিছত ধ্ৰুৱ জুৰেল, ৰবি অশ্বিন আৰু যশপ্ৰীত বুমৰাহে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ভাৰতৰ হৈ ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাডেজাই শতকীয় ইনিংছ খেলিছিল। ৰোহিত শৰ্মাই ১৩১ ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে ৰবীন্দ্ৰ জাদেজাই ১১২ ৰান সংগ্ৰহ কৰে। ইয়াৰ বাহিৰেও ছৰফৰাজ খানে অভিষেক টেষ্টত ৬২ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে। ইংলেণ্ডৰ হৈ বেগী বলাৰ মাৰ্ক উডে সৰ্বাধিক ৪ উইকেট দখল কৰে। ৰেহান আহমেদে লাভ কৰে ২টা উইকেট। ইয়াৰ উপৰি এণ্ডাৰছন, টম হাৰ্টলী আৰু জো ৰুটে এটাকৈ উইকেট দখল কৰে।

You might also like