ফেচবুক লাইভত উচুপি উঠিল অভিনেত্ৰী মাহিয়া, জনালে নিজৰ সিদ্ধান্তৰ বিষয়ে
বিশেষ বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : বহুদিন ধৰি চৰ্চা চলিছিল যে জনপ্ৰিয় বাংলাদেশী অভিনেত্ৰী মাহিয়া মাহীয়ে স্বামী কামৰুজ্জামান সৰকাৰৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ ওলাইছে। জনা মতে, মাহিয়া আৰু কামৰুজ্জামানে কেইবামাহো ধৰি পৃথকে বসবাস কৰি আছিল। সেই উৰাবাতৰি এতিয়া সত্য বুলি জনালে অভিনেত্ৰী মাহিয়া মাহীয়ে। শুকুৰবাৰে ফেচবুক লাইভলৈ আহি অভিনেত্ৰীগৰাকীয়ে বিবাহ বিচ্ছেদৰ বিষয়ে পোনপটীয়াকৈ অৱগত কৰে। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত মাহীয়ে বাংলাদেশী ব্যৱসায়ী তথা ৰাজনীতিবিদ কামৰুজ্জামান সৰকাৰ ওৰফে ৰাকিবৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত ২০২৩ চনৰ মাৰ্চ মাহত মাহীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। কিন্তু হঠাৎ বিবাহৰ দুবছৰৰ পিছত বিচ্ছেদৰ কথা ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে। ফেচবুক লাইভত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰাৰ সময়তে মাহিয়াই কান্দি উঠিছিল। কান্দি কান্দি মাহীয়ে কয়- অতি সোনকালে আমি আনুষ্ঠানিকভাৱে বিদায় ল’ম। কেতিয়া কেনেকৈ হ’ব, সেইটো আমি সিদ্ধান্ত ল’ম। মোৰ ল’ৰা ফৰীশৰ বাবে প্ৰাৰ্থনা কৰিব। তেওঁ যাতে এজন ভাল মানুহ হয়।