নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ মাইক প্ৰক্টাৰৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ফেব্ৰুৱাৰীঃ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইক প্ৰক্টাৰৰ মৃত্যু হৈছে। ফলত ক্ৰিকেট জগতত শোকৰ ছাঁ পৰিছে। দক্ষিণ আফ্ৰিকাৰ কিংবদন্তিগৰাকীয়ে ৭৭ বছৰ বয়সত বিশ্বৰ পৰা বিদায় লয়। ক্ৰিকেট কেৰিয়াৰৰ পিছতো মাইক প্ৰক্টাৰ প্ৰশিক্ষক হৈয়েই থাকে। কালি মাইক প্ৰক্টাৰে চিৰবিদায় লৈছিল। সংবাদ সংস্থা এ এফ পিক তথ্য দি তেওঁৰ পত্নী মেৰিনা প্ৰক্টাৰে কয় যে অস্ত্ৰোপচাৰৰ সময়ত তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল, তাৰ পিছত তেওঁ অচেতন হৈ পৰিছিল আৰু শেষ ৰক্ষা নহল। মাইক প্ৰক্টাৰ আছিল এজন অলৰাউণ্ডাৰ। ১৯৬৭ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল। ইয়াৰ পিছত তেওঁ প্ৰশিক্ষক হিচাপে অৰিহণা যোগাইছিল আৰু তাৰ পিছত তেওঁ আইচিচিৰ মেচ ৰেফাৰীও হৈছিল। ৰেফাৰী হিচাপে মাইকৰ কেৰিয়াৰত বিতৰ্কৰ সৃষ্টি হৈছিল। প্ৰক্টাৰে মুঠ ১৬ বছৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল। ১৯৬৭ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায় মাইক প্ৰক্টাৰে। ৭খন টেষ্টৰ ১০ ইনিংছত ২৫.১১ গড়ে ২২৬ ৰান সংগ্ৰহ কৰে। কেৰিয়াত তেওং শতক বা অৰ্ধশতক কৰা নাছিল। ইয়াৰ বাহিৰেও ১৪ ইনিংছত বলিং কৰাৰ সময়ত তেওঁ ১৫.০২ গড়ে ৪১টা উইকেট দখল কৰে। ইয়াৰ উপৰি তেওঁ মুঠ ৪০১খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল, ৬৬৭টা ইনিংছত বেটিং কৰিছিল, তেওঁ গড়ে ৩৬.০১ ৰানত ২১,৯৩৬ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত তেওঁ ৪৮টা শতক আৰু ১০৯টা অৰ্ধশতক, য’ত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ২৫৪ ৰান। ইয়াৰ বাহিৰেও বলিঙত তেওঁ ১৯.৫৩ গড়ে ১,৪১৭টা উইকেট দখল কৰে। ১৬ বছৰীয়া প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত প্ৰক্টাৰে ইংৰাজী কাউন্টি ক্ৰিকেট ক্লাব গ্ল’চেষ্টাৰশ্বাৰৰ সৈতে মুঠ ১৪টা ছিজন কটায়, য’ত পাঁচটা ছিজন অধিনায়ক হিচাপে কটায়।

You might also like