নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিষেক টেষ্টত দুটা অর্ধ শতক

🔹 গাভাস্কাৰৰ সৈতে একেখন আসনত ছৰফৰাজ

বিশেষ বাৰ্তা, ১৯ ফেব্রুৱাৰী : অভিষেক টেষ্টত দুটা ইনিংছত অর্ধ শতৰান কৰি সুনীল গাভাস্কাৰৰ সৈতে নতুন অভিলেখ গঢ়িলে ছৰফৰাজ খানে৷ অৱশ্যে এই তালিকাত শ্রেয়াছ আয়াৰ আৰু দিলাবৰ হুছেইনৰ নামো ইতিপূর্বে সন্নিৱিষ্ট হৈছে৷ ইংলেণ্ডৰ বিৰুদ্ধে ৰাজকোট টেষ্টত টীম ইণ্ডিয়াৰ হৈ টেষ্ট অভিষেক ঘটোৱা ছৰফৰাজে নিজৰ দক্ষতা প্রমাণ কৰিলে৷ প্রথম ইনিংছত ৬৬টা বলত ৬২ ৰান কৰিছিল তেওঁ৷ এই আগ্রাসী ইনিংছটোত আছিল ৯টা চাৰি আৰু এটা ছয়৷ দ্বিতীয় ইনিংছতো বিস্ফোৰক বেটিঙেৰে তেওঁ ৬৮ ৰানৰ অপৰাজিত ইনিংছ খেলে ৷ তেওঁৰ ইনিংছটোত আছিল ছটা চাৰি আৰু তিনিটা ছয়৷ ভাৰতে ইনিংছ ঘোষণা নকৰিলে হয়তো তেওঁৰ বেটৰ পৰা শতৰান আহিলহেঁতেন৷ উল্লেখ্য যে অভিষেক টেষ্টত দুয়োটা ইনিংছত প্রথমবাৰ অর্ধ শতৰান কৰাৰ গৌৰৱ অর্জন কৰিছিল দিলাবৰ হুছেইনে৷ ১৯৩৪ চনত ইডেন গার্ডেনত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব গঢ়িছিল৷ আনহাতে, ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই কৃতিত্ব গঢ়ে সুনীল গাভাস্কাৰে৷ ২০২১ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে অভিষেক টেষ্টৰ দুয়োটা ইনিংছত শ্রেয়াছে এই কৃতিত্ব অর্জন কৰে৷ শ্রেয়াছে মেচখনৰ প্রথম ইনিংছত ১০৫ ৰান কৰাৰ পাছত দ্বিতীয় ইনিংছত সংগ্রহ কৰে ৬৫ ৰান৷ এইবাৰ তেওঁলোকৰ সৈতে একে শাৰীতে থিয় দিলে ছৰফৰাজ খানে৷

You might also like