নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠান

🔹 পাপনৰ মায়াময় সংগীতানুষ্ঠান : বিনামূলীয়া হ’ব উদ্বোধনী অনুষ্ঠান
বিশেষ বাৰ্তা, ১৯ ফেব্রুৱাৰী : প্রথমবাৰৰ বাবে অসমত অনুষ্ঠিত ‘চতুর্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ–২০২৩ অষ্টলক্ষ্মী’ৰ আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা উদ্বোধনী অনুষ্ঠানে সকলোকে ৰোমাঞ্চিত কৰি তুলিব৷ উল্লেখ্য যে পৰম্পৰা আৰু গ্লেমাৰৰ পয়োভৰ ঘটিব লগা সংগীতপ্রধান বর্ণময় উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব অসমৰ কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই৷ ক্রীড়াপ্রেমীৰ বাবে উদ্বোধনী অনুষ্ঠান বিনামূলীয়া কৰা হৈছে৷ আনহাতে, উদ্বোধনী অনুষ্ঠান আজি হ’ব যদিও শনিবাৰে সৰুসজাই ষ্টেডিয়ামত পুৰুষ–মহিলাৰ কাবাদী প্রতিযোগিতাৰে অসমত চতুর্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আনুষ্ঠানিকভাৱে আৰম্ভণি হৈছে৷ উল্লেখ্য যে উভয় শাখাতে আঠখনকৈ বিশ্ববিদ্যালয়ে অংশ লৈছে আৰু আজি গ্রুপ মেচসমূহ অনুষ্ঠিত হয়৷ আজিৰ পৰা অসমত বাস্কেটবল, মহিলাৰ ফুটবল আৰু মাল্লখম্ব আৰম্ভ হোৱাৰ বিপৰীতে আগৰতলাত যোগাসন আৰু আইজলত পুৰুষৰ ফুটবল আৰম্ভ হ’ব৷ উল্লেখ্য যে এইবাৰৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত ২০বিধ খেলত মুঠ ২৬২টা সোণ, ২৬৩টা ৰূপ আৰু ২৯৭টা ব্রঞ্জৰ পদকৰ বাবে প্রায় চাৰি হাজাৰ ক্রীড়াবিদে প্রতিদ্বন্দ্বিতা কৰিব৷ গুৱাহাটীসহ উত্তৰ–পূবৰ আন সাতখন চহৰৰ ১৮টা স্থানত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ প্রতিযোগিতা অনুষ্ঠিত হ’ব৷

You might also like